Writers Of Assam-অসমৰ সাহিত্যিক সকলৰ উপাধি সমূহ

5/5 - (2 votes)
Writers Of Assam-অসমৰ কবি / সাহিত্যিক সকলৰ সন্মানসূচক উপাধি সমূহ
There are many famous writers who wrote under pseudonyms and Assamese writers have been awarded various titles at different times.
অসমীয়া সাহিত্য আন চহকী ভাষাৰ দৰে অসংখ্য উপন্যাস, গল্প, কবিতা, প্ৰৱন্ধ আৰু আন আন বিষয়ক গ্ৰন্থৰে চহকী। অসমীয়া সাহিত্য ভাষাটোৰ বৰ্তমানৰ সাহিত্য সম্ভাৰৰ উপৰিও ইয়াৰ ক্ৰমবিৱৰ্তনৰ সময়ত সৃষ্টি হোৱা পুৰণি অসংখ্য সাহিত্যৰ সম্ভাৰেৰে চহকী, যি ধাৰাৰ আৰম্ভ ৯ম-১০ম শতিকাৰ চৰ্যাপদৰে পৰা আৰম্ভ হৈছিল বুলি কোৱা হয়।
অসমীয়া সাহিত্যিকসকলৰ মাজত বহুতো ছদ্মনামেৰে লিখা বিখ্যাত সাহিত্যিক দেখা যায় আৰু বিভিন্ন সময়ত অসমীয়া সাহিত্যিকসল বিভিন্ন উপাধিৰে বিভূষিত হৈ আহিছে।
Writers Of Assam

✍️অসমৰ কবি-সাহিত্যিক সকলৰ সন্মান সূচক উপাধি সমূহ:( কাক কি উপাধিৰে জনা যায়)

উপাধিসমূহ                        ব্যক্তিসকল

১) মহাপুৰুষ/জগত গুৰু = শ্ৰীমন্ত শংকৰদেৱ

২) মহাপুৰুষ/বঢ়াৰ পো = শ্ৰীশ্ৰী মাধৱদেৱ

৩) ভাষাতত্ত্ববিদ = ড° বাণীকান্ত কাকতি

৪)‌‌ সাহিত্যিচাৰ্য/সদস্য মহীয়ান = ড° সতেন্দ্ৰনাথ শৰ্মা

৫) সংগীত সম্ৰাট/সুধাকন্ঠ/সুৰৰ পূজাৰী = ড° ভূপেন হাজৰিকা

৬) সৰস্বতী = ড° নিৰ্মলপ্ৰভা বৰদলৈ

৭) লোকবন্ধু = ড° ভূৱনেশ্বৰ বৰুৱা

৮) অসম কেশৰী = অম্বিকাগিৰী ৰায়চৌধাৰী

৯) বীৰবালা = কনকলতা বৰুৱা

১০) লুইত কোঁৱৰ = ৰুদ্ৰ বৰুৱা

১১) গল্প সম্ৰাট = চৈয়দ আব্দুল মালিক

১২) নাট্য প্ৰভাকৰ = সত্যনাথ বৰুৱা

১৩) ৰূপকোঁৱৰ = জ্যোতিপ্ৰসাদ আগৰৱালা

১৪) অসমৰ লৌহ মানৱ = বিষ্ণুৰাম মেধি

১৫) কৰ্ম বল্লভ/কবিতা কোঁৱৰ = অম্বেশ্বৰ চেতিয়া ফুকন

১৬) দেশভক্ত= তৰুণৰাম ফুকন

১৭) সিংহ পূৰুষ = ৰাধাগোবিন্দ বৰুৱা

১৮) দেশপ্ৰাণ = লক্ষ্মীধৰ শৰ্মা

১৯) অভিনয়াচাৰ্য্য = ব‌্ৰজনাথ শৰ্মা

২০) নটসূৰ্য = ফণী শৰ্মা

২১) ভজন সম্ৰাট = দেৱেন শৰ্মা

২২) নাট্যাচাৰ্য্য = ইন্দ্ৰেশ্বৰ বৰঠাকুৰ

২৩) সাহিত্য কাণ্ডৰী/দ্ৰোণাচাৰ্য = পদ্মনাথ গোহাঞিবৰুৱা

২৪) কাব্য ভাৰতী = ধৰ্মেশ্বৰী দেৱী বৰুৱানী

২৫) সাহিত্যৰথী/ৰসৰাজ = লক্ষ্মীনাথ বেজবৰুৱা

২৬) নাট্য সাহিত্যৰ জনক = গুণাভিৰাম বৰুৱা

২৭) সংগীতাচাৰ্য্য = লক্ষ্মীৰাম বৰুৱা

২৮) ত্যাগবীৰ/ভাষাৰ ওজা = হেমচন্দ্ৰ বৰুৱা

২৯) গীতিকবি = পাৰ্বতি প‌্ৰসাদ বৰুৱা

৩০) ধ্বনি কবি = বিনন্দ চন্দ্ৰ বৰুৱা

৩১) কলংপৰীয়া কবি = দেৱকান্ত বৰুৱা

৩২) জেংৰাইৰ কবি = অজিৎ বৰুৱা

৩৩) জ্ঞানমালিনীৰ কবি = মফিজুদ্দিন আহমদ হাজৰিকা

৩৪) প্ৰেম আৰু ৰ’দালিৰ কবি = হীৰেন ভট্টাচাৰ্য

৩৫) অগ্নি কবি/ চিন্তানল কবি = কমলাকান্ত
ভট্টাচাৰ্য্য

৩৬) স্বভাৱ কবি = কালিদাস খাটনিয়াৰ

৩৭) তপোবনৰ কবি = অতুলচন্দ্ৰ হাজৰিকা

৩৮) নিৰ্মালিৰ কবি = সূৰ্য কুমাৰ হাজৰিকা

৩৯) নিজৰাৰ কবি = শৈলধৰ ৰাজখোৱা

৪০) ফুলনিৰ কবি = পদ্মধৰ চলিহা

৪১) পৃথিৱীৰ কবি/পথাৰৰ কবি = ৰাম গগৈ

৪২) পাপৰিৰ কবি = গনেশ গগৈ

৪৩) বনফুলৰ কবি = যতীন্দ্ৰনাথ দুৱৰা

৪৪) মণিদীপৰ কবি = মানস চন্দ্ৰ দুৱৰা

৪৫) ইন্দ্ৰধনুৰ কবি = ডিম্বেশ্বৰ নেওগ

৪৬) শেৱালি কবি = ৰত্নকান্ত বৰকাকতি

৪৭) ৰসাল কবি = দণ্ডীনাথ কলিতা

৪৮) কিশোৰ কবি = বুবুল চন্দ্ৰ ডেকা

৪৯) নীতি কবি = ধনাই বৰা

৫০) হালোৱা কবি = দণ্ডীৰাম বৰুৱা

৫১) বিননিৰ কবি = হিমলা বৰুৱানী

৫২) বিহগী কবি/প্ৰকৃতি কবি = ৰঘুনাথ চৌধাৰী

৫৩) ককা/বাগ্নীবৰ/নীতিবাগিশ কবি = নীলমণি ফুকন

৫৪) ভাঙনি কোঁৱৰ/বকুল বনৰ কবি = আনন্দ চন্দ্ৰ আগৰৱালা

৫৫) অসমৰ নজৰুল/ বিদ্ৰোহী কবি = প্ৰসন্নলাল চৌধাৰী

৫৬) প্ৰতিমাৰ খনিকৰ/মানৱ দৰদী কবি = চন্দ্ৰকুমাৰ আগৰৱালা

৫৭) অসমৰ আইতা/ অতিন্দ্ৰীয়বাদী কবি = নলিনীৱালা দেৱী

৫৮) লোকপ্ৰিয় = গোপীনাথ বৰদলৈ

৫৯) কৰ্মবীৰ = নবীন চন্দ্ৰ বৰদলৈ

৬০) উপন্যাস সম্ৰাট = ৰজনীকান্ত বৰদলৈ

৬১) পণ্ডিতপ্ৰবৰ = কৃষ্ণকান্ত সন্দিকৈ

৬২) দেশহিতৈষী = বিমলা প্ৰসাদ চলিহা

৬৩) কলাগুৰু = বিষ্ণুপ্ৰসাদ ৰাভা

৬৪) লোকপ্ৰাণ = মতিৰাম বৰা

৬৫) লোকনায়ক = অমিয় কুমাৰ দাস

৬৬) জন নায়ক = দেৱেশ্বৰ শৰ্মা

৬৭) বন কোঁৱৰ = আনন্দিৰাম দাস

৬৮) অৰণ্যৰ দূত = জীৱন দাস

৬৯) বিহুগীতৰ ওজা = খগেন মহন্ত

৭০) কৰ্মযোগী = ভূৱন গগৈ

৭১) জলপৰী = মিঠু বৰুৱা

৭২) যাদুপৰি = পাপৰি ফুকন

৭৩) বৰদৈচিলা = জুনুমণি শইকীয়া

৭৪) মুনিয়া = টিপেশ্বৰ মেচ

৭৫) শ্বাৰ্প শ্বুটাৰ = কেমন মেচ

৭৬) আসাম টাইগাৰ = ভূৱন গগৈ।

৭৭) আসাম মেইল = কমলা নাথ

৭৮) ডাৰ্লিং = গিলবাৰ্টছন ছাংমা

৭৯) আইন মেন = তুলেন লাহন

৮০) চাইনিজ ওৱাল = সুবীৰ চৌধুৰী

৮১) সেউজ কোঁৱৰ = পৰাগধৰ চলিহা

৮২) সাহিত্য ৰত্ন = চন্দ্ৰধৰ বৰুৱা

৮৩) সুগন্ধি পখিলাৰ কবি = হীৰেন ভট্টাচাৰ্য

৮৪) মৰমী কবি = দুৰ্গেশ্বৰ শৰ্মা

৮৫) কথা শিল্পী = আব্দুল মালিক

৮৬) শোণিত কোঁৱৰ = গজেন বৰুৱা

Writers Of Assam

Assam Gk :- Read More…..

Leave a Comment

error: Content is protected !! ExamAssam