TOP Indian GK In Assamese-ভাৰতৰ কুইজ প্ৰশ্ন আৰু উত্তৰ-04

4.9/5 - (48 votes)

TOP Indian GK In Assamese-ভাৰতৰ কুইজ প্ৰশ্ন আৰু উত্তৰ

TOP Indian GK In Assamese As we are aware General Knowledge (GK) is a very important area in all the competitive exams held in the country. Most of the aspirants feel difficulty in scoring good marks in it. Nowadays, a good knowledge of general awareness is very important in clearing any competitive exam. To overcome all this you should have an understanding of the things happening around you.

Indian GK In Assamese

Some important topics related to Indian General Knowledge are given below. This section comprises all the main facts about India from the examination point of view such as:

JOIN NOW LIVE UPDATES :- CLICK HERE

TOP Indian GK In Assamese-ভাৰতৰ কুইজ প্ৰশ্ন আৰু উত্তৰ

1) প্ৰশ্ন : অসমত অভিৰুচি ক্ৰীড়া দিৱস প্ৰতিবছৰে কোনজন খেলুৱৈৰ জন্মদিনত পালন কৰা হয়?

উত্তৰ : অৰ্জ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱাৰ জন্মদিনত।

 

2) প্ৰশ্ন : দীপাঙ্কৰ ভট্টাচাৰ্য অলিম্পিকত অংশগ্ৰহণ কৰা অসমৰ দ্বিতীয় জন খেলুৱৈ। তেওঁ কি খেলত অংশ গ্ৰহণ কৰিছিল?

উত্তৰ : বেডমিণ্টন খেলত।

 

3) প্ৰশ্ন : ছশ বছৰীয়া আহোমৰ ৰাজত্বকাল অসমীয়া ইতিহাসৰ এক বৰ্ণাঢ্য অধ্যায়। সুধিব খুজিছো কোনজন আহোমৰজাই পোন প্ৰথমে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল?

উত্তৰ : চুহুংমুং

 

4) হুগো ড্য ফ্ৰিচ (Hugo de Vries), কাৰ্ল কৰেন্স (Carl Correns) আৰু এৰিক ফন চেমাৰ্ক (Eric von Tschermack) – এই তিনিজন বিজ্ঞানীয়ে কি পুনৰাৱিষ্কাৰ কৰিছিল?

উত্তৰ – বংশগতি (মণ্ডল )

 

5) কাঠৰ হস্তনিৰ্মিত এটি পৰম্পৰাগত সম্পদ: এটা শলাযুক্ত সঁজুলিৰে ইয়াৰ ভৰক নিয়ন্ত্ৰণ কৰা হয়। এটা দীঘল আৰু ঠেক গাঁত সদৃশ অৱস্থানত থকা ধানৰ ওপৰত ইয়াৰ ভৰৰ শক্তি পৰি চাউল আৰু বাকলিসমূহ পৃথক হৈ পৰে। সত্যজিৎ ৰায়ৰ ‘অশনি সংকেত’ নামৰ চিনেমাখনত অভিনেত্ৰীসকলে কেইটামান মুহূৰ্তত এই যন্ত্ৰটো ব্যৱহাৰ কৰি থকা দেখা গৈছিল। যন্ত্ৰটোৰ নাম কি?

উত্তৰ -ঢেঁকী

 

6) ৰাকেশ শৰ্মা হ’ল প্ৰথমজন ভাৰতীয় মহাকাশচাৰী। এটি বিখ্যাত আলোচনাত, তেওঁক তেতিয়াৰ প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীয়ে সুধিছিল যে মহাকাশৰ পৰা ভাৰতখন দেখিবলৈ কেনেকুৱা। তেওঁ তেতিয়া উত্তৰ দিছিল “Main binaa jhijhak ke keh sakta hoon, _____________________”। এই খালী অংশত তেওঁ কি কৈছিল— যিটো ভাৰতৰ স্বাধীনতা যুদ্ধৰ এটি শ্ল’গানত পৰিণত হৈছিল।

উত্তৰ -Sara jahan se acacha hindustan hamara

 

7) অৰুণাচলত অৱস্থিত এই ৰাষ্ট্ৰীয় উদ্যানখন মাটিকালিৰ ক্ষেত্ৰত ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান। ই দাপা, মিচিমি আৰু পাটকাইৰ মাজত অৱস্থিত। ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি?

উত্তৰ -নামদফা ৰাষ্ট্ৰিয় উদ্যান

 

8) মধ্যচাদৰ পেশীৰ সংকোচন প্ৰতি মিনিটত কেইবাবাৰো হ’ব পাৰে। মানুহৰ ক্ষেত্ৰত বায়ু হৰ্ঠাতে জোৰকৈ হাওঁফাওত সোমোৱাৰ ফলস্বৰূপে আলজিভা বন্ধ হৈ যায় আৰু এটা শব্দৰ সৃষ্টি হয়। চিকিৎসা বিজ্ঞানত ইয়াক synchronous diaphragmatic flutter (SDF) বা singultus বুলি কোৱা হয়। অসমীয়া ভাষাত এই শব্দটোক কি বুলি কোৱা হয়?

উত্তৰ -হিকটি

 

9) প্ৰশ্ন : এবিধ উত্তম কীটনাশকৰ বাবে চুইজাৰলেণ্ডৰ বিজ্ঞানী ড° মূলাৰক ১৯৪৮ চনত নবেল বঁটা দিতা হৈছিল। কিন্ত প্ৰদূষক হিচাপে ধৰা পৰাত বৰ্ত্তমান বহুদেশীই দৰব নিষিদ্ধ কৰিছে। এই কীটনাশক বিধৰ নাম কি?

উত্তৰ : ডি. ডি. টি.।

 

10) প্ৰশ্ন : বিশ্বৰ এদল পৰিবেশ বিজ্ঞানীৰ মতে পৃথিৱীৰ সামগ্ৰিক উষ্ণতা বৃদ্ধি পাইছে। প্ৰদূষণৰ ফলত বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড বাঢ়ি যোৱাটোৱেই ইয়াৰ মূল কাৰণ। এটা বিশেষ প্ৰক্ৰিয়াৰে CO2 ৰ বাবে বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি হয়। এই প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয়?

উত্তৰ : সেউজ গৃহ প্ৰভাৱ।

 

11) বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি পৃথিৱীৰ আটাইতকৈ প্ৰদূষিত ১০ খন মহানগৰীৰ ভিতৰত এখন ভাৰততো আছে। সেইখন কি?

উত্তৰ : দিল্লী

 

12) প্ৰশ্ন : ব্ৰহ্মপুত্ৰৰ ওপৰত সজা অসমৰ প্ৰথমখন দলঙৰ নাম শৰাইঘাট দলং, ইয়াক কিমান চনত মুকলি কৰা হৈছিল?

উত্তৰ : ১৯৬২ চনত।

 

13) প্ৰশ্ন : ইউনাইটেড লিবাৰেছন ফ্ৰণ্ট অৱ আছাম (আলফা) ই কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনাৰ বাবে গঠন কৰি দিয়া গোটটোৰ নাম কি?

উত্তৰ : পিপল্‌ছ কনছালটেটিভ গ্ৰুপ (পি. চি. জি.)

 

14) প্ৰশ্ন : কোন চনত অসমৰ ৰাজ্যপাল হিচাবে লে.জে. অজয় সিং এ কাৰ্যভাৰ গ্ৰহণ কৰিছিল?

উত্তৰ : ২০০৩ চনত।

 

15) প্ৰশ্ন : ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় পতাকাৰ অশোক চক্ৰৰ তলত থকা ‘সত্যমেৱ জয়তে’ শীৰ্ষক দেৱনাগৰী বাক্যশাৰী কোন উপনিষদৰ পৰা লোৱা হৈছে।

উত্তৰ : মুণ্ডক।

 

16) প্ৰশ্ন : পৃথিৱীৰ ভিতৰত কোন দেশত আটাইতকৈ পুৰণি ৰাজবংশই এতিয়াও ৰাজত্ব কৰি আছে?

উত্তৰ : জাপানত।

 

17) প্ৰশ্ন : বিশ্বৰ বৃহত্তম শক্তিশালী ৰাষ্ট্ৰ আমেৰিকাৰ বিৰুদ্ধাচৰণ কৰি ক্ষুদ্ৰ দেশ ‘কিউবা’ বিশ্বৰ সংবাদ জগতত প্ৰখ্যাত হৈ পৰিছে। কিউবাৰ সশস্ৰ গেৰিলা স্বাধীনতা সংগ্ৰামৰ অগ্ৰনী নায়ক তথা বৰ্ত্তমানৰ ৰাষ্ট্ৰনায়কজনৰ নাম কি?

উত্তৰ : ফিদেল কেষ্ট্ৰো (বৰ্তমান ৰাউল কেষ্ট্ৰো)।

 

18) প্ৰশ্ন : বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি হিচাপে পৰিগণিত বিল গেটছৰ প্ৰকৃত নাম কি?

উত্তৰ : উইলিয়াম হেনৰি গেটছ্‌।

 

19) প্ৰশ্ন : হোৱাংহো নদী চীনৰ দ্বিতীয় সৰ্ববৃহৎ নদী। প্ৰশ্ন হ’ল- হোৱাংহো নদীৰ ইংৰাজী নামটো কি বাৰু?

উত্তৰ : ইয়েল’ৰিভাৰ (Yellow River)।

 

20) প্ৰশ্ন : কনষ্টানটিনপ’ল এখন ইতিহাস প্ৰসিদ্ধ ৰোমান চহন। বৰ্ত্তমান এই চহৰখনক আমি কি বুলি জানো?

উত্তৰ : ইষ্টানবুল (তুৰ্কী )

 

Thanks ❤️

ExamAssam.in

error: Content is protected !! ExamAssam