TOP 50 Indian GK In Assamese-ভাৰতৰ কুইজ প্ৰশ্ন আৰু উত্তৰ

4.6/5 - (8 votes)

TOP 50 Indian GK In Assamese-ভাৰতৰ কুইজ প্ৰশ্ন আৰু উত্তৰ

Indian GK MCQ ভাৰতৰ কুইজ. GK Questions and Answers on India(ভাৰতৰ কুইজ | ভাৰতৰ কুইজ প্ৰশ্ন আৰু উত্তৰ) and its States: Explore a few MCQs on India and its states and enhance your knowledge. This will arouse your interest and also help in the preparation of various competitive examinations, including UPSC, State PCS, IBPS, SBI, SCC, Railways, etc.ভাৰতৰ কুইজ প্ৰশ্ন আৰু উত্তৰ

JOIN NOW LIVE UPDATES :- CLICK HERE

১)অসমীয়া সাহিত্যৰ ৱাল্টাৰ স্কট বুলি কাক কোৱা হয়?
উ:- ৰজনীকান্ত বৰদলৈ

২)হিন্দী ভাষালৈ অনুদিত প্ৰথম অসমীয়া কিতাপখনৰ নাম কি?
উ:- চিত্র ভাগৱত

৩)কোনখন দেশক ইউৰোপৰ খেলপথাৰ বুলি কোৱা হয়?
উ:- চুইজাৰলেণ্ড ।

৪) সূৰ্যোদয়ৰ দেশ বুলি কোনখন দেশক জনা যায়?
উ:- জাপান ।

৫) বজ্ৰপাতৰ দেশ বুলি কোনখন দেশক জনা যায়?
উ:- ভূটান ।

৬) আটাইতকৈ বেছি দেশ থকা মহাদেশ খনৰ নাম কি?
উ:-আফ্ৰিকা ।

৭) শুকুলা হাতীৰ দেশ বুলি কোনখন দেশক জনা যায়?
উ:-থাইলেণ্ড ।

৮)বিশ্বত মুঠ কেইখন মহাসাগৰ আছে?
উ:- ৫ খন ।

৯) বিশ্বত মুঠ কেইখন মহাদেশ অৱস্থিত?
উ:- ৭ খন ।

১০) হাজাৰ হ্ৰদৰ দেশ বুলি কোনখন দেশক জনা যায়?
উ:- ফিনলেণ্ড।

১১)কোন খন ঠাইক পৃথিৱীৰ মধুচ বুলি কোৱা হয়?
উ:- পামিৰ মালভূমি ।

১২) পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ দ্বীপটো কি?
উ:- গ্ৰীণলেণ্ড ।

১৩) পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ ক্ৰান্তীয় বৰ্ষাৰণ্য খনৰ নাম কি?
উ:-আমাজান ।

১৪) অসমৰ কোনখন ঠাইক পূবৰ আমাজান বুলি কোৱা হয়?
উ:- দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান।

১৫) ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা হোৱাৰ সময়ত মুঠ সদস্য ৰাষ্ট্ৰৰ সংখ্যা কিমান আছিল?
উ:- ৫১ খন ।

Indian GK In Assamese

১৬) কিমান চনত ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা হৈছিল?
উ:- ১৯৪৫ চনৰ ২৪ অক্টোবৰ ।

১৭) পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল পৰ্বতমালা কি?
উ:- এণ্ডিছ ।

১৮) পৃথিৱীৰ ভিতৰত আটাইতকৈ সুউচ্চ পৰ্বতমালা কি?
উ:- হিমালয় ।

১৯)কোন খন দেশক ‘Battle ground of Europe’ বুলি কোৱা হয়?
উ:- বেলজিয়াম ।

২০)Mount Etna, এটা সক্ৰিয় আগ্নেয়গিৰি বিশ্বৰ কোনখন দেশত অৱস্থিত?
উ:- ইটালী ।

২১) ঐতিহাসিক চহৰ মাচু পিচ্চু বিশ্বৰ কোনখন দেশত অৱস্থিত?
উ:- পেৰু ।

২২)কি নদীৰ পাৰত লণ্ডন চহৰ অৱস্থিত?
উ:- টেমছ ।

২৩) পৃথিৱীৰ কোনখন মহাদেশত মৰুভূমি নাই?
উ:- ইউৰোপ ।

২৪) ফ্ৰান্সৰ ৰাজধানী কি?
উ:- পেৰিছ ।

২৫)কোনখন দেশত আটাইতকৈ বেছি হ্ৰদ অৱস্থিত?
উ:- কানাডা ।

২৬)ইমু চৰাই কোনখন দেশত পোৱা যায়?
উ:- অষ্ট্ৰেলিয়া ।

২৭) পৃথিৱীৰ ভিতৰত আটাইতকৈ সুউচ্চ জলপ্ৰপাতটোৰ নাম কি আৰু ই বিশ্বৰ কোনখন দেশত অৱস্থিত?
উ:- এঞ্জেল জলপ্ৰপাত আৰু ই ভেনেজুৱেলাত অৱস্থিত।

২৮) পেৰিছ চহৰৰ মাজেৰে কি নদী বৈ গৈছে?
উ:- সেন (Seine) ।

২৯) Yellow stone ৰাষ্ট্ৰীয় উদ্যান কোনখন দেশত অৱস্থিত?
উ:- আমেৰিকা যুক্তৰাষ্ট্ৰ ।

৩০) জাপানৰ আটাইতকৈ সুউচ্চ পৰ্বত শৃংগটোৰ নাম কি?
উ:- মাউন্ট ফুজি ।

৩১) আন্তৰ্জাতিক নাৰী দিৱস কিমান তাৰিখে পালন কৰা হয়?
উ:- ৮ মাৰ্চ ।

৩২) বিশ্ব পৰিৱেশ কিমান তাৰিখে পালন কৰা হয়?
উ:- ৫ জুন ।

৩৩) Bermuda triangle নামৰ ৰহস্যময় ঠাই খন কোন খন মহাসাগৰত অৱস্থিত?
উ:- আটলাণ্টিক মহাসাগৰ ।

৩৪) পৃথিবীৰ ভিতৰত আটাইতকৈ বেছি নাৰিকল উৎপাদন কৰা দেশখন কি?
উ:- ইন্দো্নেচীয়া ।

৩৫) ভাৰতবৰ্ষৰ প্ৰথম নোবেল বঁটা লাভ কৰা ব্যক্তি কোন?
উ:- ৰবীন্দ্ৰনাথ ঠাকুৰ ।

৩৬) ৰবীন্দ্ৰনাথ ঠাকুৰে কোনটো বিষয়ত নোবেল বঁটা লাভ কৰিছিল?
উ:- সাহিত্য ।

৩৭) ৰবীন্দ্ৰনাথ ঠাকুৰে কিমান চনত নোবেল বঁটা লাভ কৰিছিল?
উ:- ১৯১৩ চনত ।

৩৮)কোনখন গ্ৰন্থৰ বাবে ৰবীন্দ্ৰনাথ ঠাকুৰে নোবেল বঁটা লাভ কৰিছিল?
উ:- গীতাঞ্জলি ।

৩৯) কিমান চনৰ পৰা নোবেল বঁটা প্ৰদান কৰা হয়?
উ:- ১৯০১ চন ।

৪০)কোনজন ব্যক্তিৰ নামানুসৰি নোবেল বঁটা প্ৰদান কৰা হয়?
উ:- আলফ্ৰেড ন’বেল ।

Indian GK In Assamese

৪১) বৰ্তমান জনসংখ্যাৰ ফালৰ পৰা আফ্ৰিকা মহাদেশৰ আটাইতকৈ ডাঙৰ দেশখনৰ নাম কি?
উ:- নাইজেৰিয়া ।

৪২) ধৰিত্ৰী দিৱস কিমান তাৰিখে পালন কৰা হয়?
উ:- ২২ এপ্ৰিল ।

৪৩)Diego Garcia বিশ্বৰ কোনখন মহাসাগৰত অৱস্থিত এটা দ্বীপ?
উ:- ভাৰত মহাসাগৰ ।

৪৪)নীল নদীৰ দান বুলি কোনখন দেশক জনা যায়?
উ:- ইজিপ্ত ।

৪৫) মহাকাশলৈ যোৱা প্ৰথমজন ব্যক্তি কোন?
উ:- ইউৰি গাগাৰিন ।

৪৬) পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি কফি উৎপাদন কৰা দেশ খনৰ নাম কি?
উ:- ব্ৰাজিল ।

৪৭) পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাসাগৰখনৰ নাম কি?
উ:- প্ৰশান্ত মহাসাগৰ ।

৪৮) পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাদেশ খনৰ নাম কি?
উ:- এছিয়া ।

৪৯)পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল নদী খনৰ নাম কি?
উ:- নীল নদী ।

৫০) পৃথিৱীৰ ভিতৰত আটাইতকৈ বহল নদী খনৰ নাম কি?
উ:- আমাজান ।

৫১) ৱিকিপিডিয়াৰ প্ৰতিষ্ঠাপক কোন?
উ: জিমী ৱেলছ

৫২) বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?
উ: ৱাচিংটন ডি চি।

error: Content is protected !! ExamAssam