Assam GK ( সাধাৰণ জ্ঞান )In Assamese Language SET-02

4.7/5 - (4 votes)

Assam GK ( সাধাৰণ জ্ঞান )In Assamese Language SET-02

Assam GK and Current Affairs is the key to get success in any form of competitive exam in Assam. Assam GK can lead you to a great result, if you are good at remembering News, Events, and Facts related to Assam. Assam GK PDF is a collection of 500+ most important Assam GK MCQ on different topics like Assam History, Assam Geography, Assam Art & Culture etc.

নমস্কাৰ মৰমৰ বন্ধু-বান্ধৱীসকল, আজিৰ আমাৰ “Assamese GK Question Answer” ৰ এই তথ্যৰাজিত UPSC, APSC, SSC, Assam Police, TET আদি সকলোধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা প্ৰাৰ্থী সকলৰ সুবিধাৰ্থে বিশ্ব কুইজৰ ওপৰত ভিত্তি কৰি প্ৰয়োজনীয় প্ৰশ্নোত্তৰসমূহ আগবঢ়োৱা হৈছে। আশা কৰোঁ আমাৰ এই প্ৰশ্নোত্তৰ পৰা আপোনালোকে অলপ হ’লেও উপকৃত হ’ব।

যদি আপোনালোকে আমাৰ এনেধৰণৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু উত্তৰ সমূহৰ পৰা উপকাৰ পাইছে তথা উপকৃত হৈছে, তেনেহ’লে অনুগ্ৰহ কৰি আপোনালোকে আমাৰ ExamAssam.In ৰ বিষয়ে বন্ধু-বান্ধবী তথা পঢ়ুৱৈ সমাজত শ্বেয়াৰ (Share) কৰিব।

অসমীয়া সাহিত্য সৰ্ম্পকীয় ২৫টা গুৰুত্বপূৰ্ণ প্ৰশ্ন :-

Join Telegram :- Click HERE

১. ৰীতা চৌধুৰীয়ে কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল ?
উ :- দেওলাংখুই. ।

২. ‘অৰুণোদই’ ৰ প্ৰথম সম্পাদক কোন ?
উ :- নাথান ব্ৰাউন ।

৩. অসমীয়া চুটি গল্পৰ জন্মদাতা কোন ?
উ :- লক্ষ্মীনাথ বেজবৰুৱা।

৪. অসমীয়া ভাষাৰ প্ৰথম ছনেট পুথিখনৰ নাম কি ?
উ :- হিতেশ্বৰ বৰবৰুৱাৰ ‘মালচ’ ।

৫. দেৱকান্ত বৰুৱাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি ?
উ :- সাগৰ দেখিছা ।

৬. সাহিত্য একাডেমিৰ দ্বাৰা পুৰস্কৃত প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি ?
উ :- ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্যৰ ‘ঈয়াৰুইঙ্গম’ ।

৭. কোনজন আহোম ৰজাৰ পৃষ্ঠপোষকতাত ‘হস্তী বিদ্যাৰ্ণৱ’ নামৰ পুথিখন ৰচনা কৰা হৈছিল ?
উ:- স্বৰ্গদেউ শিৱ সিংহ ।

৮. প্ৰথম অসমীয়া ভ্ৰমণ কাহিনীখনৰ নাম কি ?
উ :- জ্ঞানদাভিৰাম বৰুৱাৰ “বিলাতৰ চিঠি “ ।

৯. প্ৰথম অসমীয়া ব্যাকৰণখনৰ নাম কি ?
উ:- উইলিয়াম ৰবিনছনৰ “গ্ৰামাৰ অব্ আছামিজ লেংগুৱেজ “ (১৮৩৯) ।

১০. ৰামধেনুৰ সম্পাদক কোন আছিল ?
উ :- ইন্দ্ৰকমল বেজবৰুৱা ।

১১. অসমীয়া ভাষাৰ প্ৰথম কবিতা পুথিখনৰ নাম কি ?
উ :- হেম সৰস্বতীৰ “প্ৰহ্লাদ চৰিত” ।

১২. প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতাটো কি ?
উ :- চন্দ্ৰকুমাৰ আগৰৱালাৰ “বনকুঁৱৰী” ।

১৩. অসম সাহিত্য সভাৰ প্ৰথম গৰাকী সম্পাদক কোন আছিল ?
উ :- শৰৎ চন্দ্ৰ গোস্বামী ।

১৪. ইংৰাজীৰ পৰা অসমীয়ালৈ অনূদিত প্ৰথম উপন্যাসখনৰ নাম কি ?
উ :- “যাত্ৰিকৰ যাত্ৰা “ (Pilgrim’s Progress) ।

১৫. অসমীয়া ভাষাৰ প্ৰথম সাধুকথাৰ পুথিখনৰ নাম কি ?
উ :- এলিজা ব্ৰাউনৰ “সাধুৰ পুথি” (১৮৫০) ।

১৬. ড° নিৰ্মল প্ৰভা বৰদলৈক কি ছদ্মনামেৰে জনা যায় ?
উ :- নীলা বাইদেউ ।

১৭. মহাপুৰুষ শংকৰদেৱৰ গুপ্তনাম কি আছিল ?
উ :- গঙ্গাধৰ কায়স্থ ।

১৮. হোমেন বৰগোহাঞিৰ কোনখন উপন্যাসৰ আধাৰত চিত্ৰ নিৰ্মাণ কৰা হৈছে ?
উ :- হালধীয়া চৰায়ে বাওঁধান খায় ।

১৯. “শীলভদ্ৰ” কাৰ ছদ্মনাম ?
উ :- ৰেৱতী মোহন দত্ত চৌধুৰী ।

২০. “চিৰ চেনেহী মোৰ ভাষা জননী” গীতটো কোনে ৰচনা কৰিছিল ?
উ :- সাহিত্যাচাৰ্য মিত্ৰদেৱ মহন্তই ।

২১. “সুদীৰ্ঘ দিন আৰু ঋতু” নামৰ কাব্য পুথিখনৰ কবিগৰাকীৰ নাম কি ?
উ :- নিৰ্মলপ্ৰভা বৰদলৈ ।

২২. অসমীয়া সাহিত্যৰ “ৱাল্টাৰ স্কট” বুলি কাক আখ্যা দিয়া হয় ?
উ :- ৰজনীকান্ত বৰদলৈক ।

২৩. শংকৰদেৱৰ জীৱনৰ ওপৰত ভিত্তি কৰি ছৈয়দ আব্দুল মালিকে ৰচনা কৰা উপন্যাসখনৰ নাম কি ?
উ :- “ধন্য নৰ তনু ভাল” ।

২৪. অসমীয়া ভাষাত বৰ্তমানলৈকে সৰ্বাধিক কিতাপ লিখা সাহিত্যিক গৰাকী কোন ?
উ :- ৰঞ্জু হাজৰিকা ।

২৫. আহোম যুগৰ শ্ৰেষ্ঠ কবি কোন ?
উ:- কবিৰাজ চক্ৰৱৰ্তী

ধন্যবাদ♥️

1 thought on “Assam GK ( সাধাৰণ জ্ঞান )In Assamese Language SET-02”

Leave a Comment

error: Content is protected !! ExamAssam