Assam GK (সাধাৰণ জ্ঞান)In Assamese Language-05

5/5 - (1 vote)

Assam GK ( সাধাৰণ জ্ঞান )In Assamese Language SET-05

Assam GK and Current Affairs is the key to get success in any form of competitive exam in Assam. Assam GK can lead you to a great result, if you are good at remembering News, Events, and Facts related to Assam. Assam GK PDF is a collection of 500+ most important GK MCQ on different topics like Assam History, Assam Geography, Assam Art & Culture etc.

নমস্কাৰ মৰমৰ বন্ধু-বান্ধৱীসকল, আজিৰ আমাৰ “Assamese GK Question Answer” ৰ এই তথ্যৰাজিত UPSC, APSC, SSC, Police, TET আদি সকলোধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা প্ৰাৰ্থী সকলৰ সুবিধাৰ্থে বিশ্ব কুইজৰ ওপৰত ভিত্তি কৰি প্ৰয়োজনীয় প্ৰশ্নোত্তৰসমূহ আগবঢ়োৱা হৈছে। আশা কৰোঁ আমাৰ এই প্ৰশ্নোত্তৰ পৰা আপোনালোকে অলপ হ’লেও উপকৃত হ’ব।

যদি আপোনালোকে আমাৰ এনেধৰণৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু উত্তৰ সমূহৰ পৰা উপকাৰ পাইছে তথা উপকৃত হৈছে, তেনেহ’লে অনুগ্ৰহ কৰি আপোনালোকে আমাৰ ExamAssam.In ৰ বিষয়ে বন্ধু-বান্ধবী তথা পঢ়ুৱৈ সমাজত শ্বেয়াৰ (Share) কৰিব।

JOIN Whatsapp Group :- Click Here

Assam GK ( সাধাৰণ জ্ঞান )In Assamese Language


১) স্থাপত্য শিল্পৰ প্ৰাচীনতম নিদৰ্শন ক’ত পোৱা যায় ?
উত্তৰঃ শোণিতপুৰ জিলাৰ দ-পৰ্বতীয়াত

২) বিহুৱা ডেকাই বিহু মাৰোতে ব্যৱহাৰ কৰা চোলাটোৰ নাম কি?
উত্তৰঃ চাপকণ

৩) সত্ৰীয়া নৃত্য কিহৰ সৈতে পৰিৱেশন কৰা হয়?
উত্তৰঃ অংকীয়া ভাওনা ।

৪) “ভাৰীগান” অসমৰ কোন অঞ্চলত প্ৰচলিত নাট্যানুষ্ঠান ?
উত্তৰঃ দক্ষিণ গোৱালপাৰা ।

৫) মথলী উৎসৱ অসমৰ কোনখন জিলাত পালন কৰা হয়?
উত্তৰঃ দৰং জিলাত ।

৬) অসমত কিমান শ্ৰেণীৰ পুতলা নাচৰ প্ৰচলন আছে ?
উত্তৰঃ দুই শ্ৰেণীৰ ।

৭) বিহুগীতবোৰ কি ছন্দত ৰচিত ?
উত্তৰঃ ত্ৰিপদী ছন্দত ।

৮) আহোমসকলে পালন কৰা ওমফা পূজাৰ প্ৰাধান উপাস্য দেৱতা কি?
উত্তৰঃ লেংদন ।

৯) চ’মাংকান কোন জনগোষ্টীয়ে পালন কৰে ?
উত্তৰঃ কাৰ্বি ।

১০) চ’মাংকানৰ প্ৰকৃত অৰ্থ কি?
উত্তৰঃ শ্ৰাদ্ধানুষ্ঠান ।

১১) মাটি আখৰা কি নৃত্যৰ বাবে অপৰিহাৰ্য্য
উত্তৰঃ সত্ৰীয়া নৃত্য ।

১২) “খেৰাই উৎসৱ” কোন জনগোষ্টীয় লোকে উৎযাপন কৰে?
উত্তৰঃ বড়ো ।

১৩) “ফাট বিহ” অসমৰ কোনখন জিলাত উদযাপন কৰা হয় ?
উত্তৰঃ লক্ষিমপুৰ জিলাত ।

১৪) চকলং কিহৰ লগত জড়িত ?
উত্তৰঃ বিবাহ সংক্ৰান্তীয় ।

১৫)ভোৰতাল নৃত্য কি ?
উত্তৰঃ থলুৱা নৃত্য ।

১৬) মিচিং সমাজত প্ৰচলিত প্ৰধান আৰু জনপ্ৰিয় লোকগীতবিধৰ নাম কি?
উত্তৰঃ ঐনিতম ।

১৭) অ’ৰি গীত অসমৰ কোনখন জিলাত প্ৰচলিত?
উত্তৰঃ গোৱালপাৰা ।

১৮) বড়োসকলৰ “হাথাছুনি” কি উৎসৱ ?
উত্তৰঃ বিবাহ উৎসৱ ।

১৯) “বাঁশ পূজা” কোন জনগোষ্ঠীৰ লোকনুষ্ঠান ?
উত্তৰঃ হাজং

২০) নৰা-ছিগা বিহুৰ আন এটা নাম কি?
উত্তৰঃ পঃৰাগ ।


২১) কি সাজৰ প্ৰচলন আহোমসকলৰ এটা উল্লেখযোগ্য প্ৰথা ?
উত্তৰঃ চোলা ।

২২) মটৰ মণি ক’ত পিন্ধা হয়?
উত্তৰঃ গলত ।

২৩) অসমৰ কোনটো লোক-নাট্যানুষ্ঠানৰ মূল গায়কজনক “গীডাল বুলি কোৱা হয় ?
উত্তৰঃ কুশাল গান ।

২৪) জুনা কি?
উত্তৰঃ হাস্যৰসাত্মক এবিধ লোকগীত ।

২৫) “ছগ্ৰামিছাৱা” কোন জনগোষ্ঠীৰ লোকে উদযাপন কৰে ?
উত্তৰঃ তিৱা ।

২৬) “আই সবাহ” কেতিয়া অনুস্থিত কৰা হয় ?
উত্তৰঃ বসন্ত ওলালে ।

২৭) ৰাভাসকলৰ “বায়খো পূজা” কি ভিত্তিক অনুস্থান ?
উত্তৰঃ কৃষি ভিত্তিক অনুস্থান ।

২৮) “চালি নাচ” কি নৃত্যৰ লগত জড়িত?
উত্তৰঃ সত্ৰীয়া নৃত্য ।

২৯) “আৰণ উৎসৱ” কোন জনগোষ্ঠীয় লোকে পালন কৰে ?
উত্তৰঃ আদি ।

৩০) “চড়ক পূজা” কেতিয়া পালন কৰা হয় ?
উত্তৰঃ চ’ত মাহত ।

2 thoughts on “Assam GK (সাধাৰণ জ্ঞান)In Assamese Language-05”

Leave a Comment

error: Content is protected !! ExamAssam