Assam GK (সাধাৰণ জ্ঞান)In Assamese Language SET-03

4.1/5 - (9 votes)

Assam GK ( সাধাৰণ জ্ঞান )In Assamese Language SET-02

Assam GK and Current Affairs is the key to get success in any form of competitive exam in Assam. Assam GK can lead you to a great result, if you are good at remembering News, Events, and Facts related to Assam. Assam GK PDF is a collection of 500+ most important Assam GK MCQ on different topics like Assam History, Assam Geography, Assam Art & Culture etc.

নমস্কাৰ মৰমৰ বন্ধু-বান্ধৱীসকল, আজিৰ আমাৰ “Assamese GK Question Answer” ৰ এই তথ্যৰাজিত UPSC, APSC, SSC, Assam Police, TET আদি সকলোধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা প্ৰাৰ্থী সকলৰ সুবিধাৰ্থে বিশ্ব কুইজৰ ওপৰত ভিত্তি কৰি প্ৰয়োজনীয় প্ৰশ্নোত্তৰসমূহ আগবঢ়োৱা হৈছে। আশা কৰোঁ আমাৰ এই প্ৰশ্নোত্তৰ পৰা আপোনালোকে অলপ হ’লেও উপকৃত হ’ব।

যদি আপোনালোকে আমাৰ এনেধৰণৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু উত্তৰ সমূহৰ পৰা উপকাৰ পাইছে তথা উপকৃত হৈছে, তেনেহ’লে অনুগ্ৰহ কৰি আপোনালোকে আমাৰ ExamAssam.In ৰ বিষয়ে বন্ধু-বান্ধবী তথা পঢ়ুৱৈ সমাজত শ্বেয়াৰ (Share) কৰিব।

JOIN Whatsapp Group :- Click Here

Assam GK ( সাধাৰণ জ্ঞান )In Assamese Language

প্ৰশ্ন ১/ অসম’ নামটোৰ কেতিয়াৰ প্ৰচলন হয়?

উত্তৰ:- ত্ৰয়োদশ শতিকা মানত আহোম সকলে এই ভূ-খণ্ড জয় কৰাৰ পাছত।

প্ৰশ্ন ২/ অসমীয়া ভাষাৰ উৎপত্তি কেতিয়া হৈছিল?

উত্তৰ:- খ্ৰীষ্টিয় নৱম-দশম শতিকা মানত।

প্ৰশ্ন ৩/ অসমৰ পুৰণি নাম কি?

উত্তৰ:- কামৰূপ (প্ৰাগজ্যোতিষপুৰ)।

প্ৰশ্ন ৪/ প্ৰথমে কোনে অসমীয়াত ৰামায়ণ ৰচনা কৰিছিল?

উত্তৰ:- মাধৱ কন্দলি

প্ৰশ্ন ৫/ মহাভাৰতখন অসমীয়া পদ্যত ভাঙনি কৰোঁতা জনৰ নাম কি?

উত্তৰ:- ৰাম সৰস্বতী।

প্ৰশ্ন ৬/ অসমীয়া গদ্য সাহিত্যৰ জনক কোন?

উত্তৰ- ভট্টদেৱ।

প্ৰশ্ন ৭/ প্ৰথম অসমীয়া লেখিকা গৰাকীৰ নাম কি?

উত্তৰ:- পদ্মাৱতী দেৱফুকননী।

প্ৰশ্ন ৮/ প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি?

উত্তৰ:- ধৰ্মপুস্তক (১৮১) আৰু এই পুথিখনৰ লিখক হৈছে আত্মাৰাম শৰ্মা।

প্ৰশ্ন ৯/ গুৱাহাটী অনাতাঁৰ কেন্দ্ৰযোগে প্ৰচাৰ হোৱা প্ৰথম নাট খনৰ নাম কি আৰু ইয়াৰ নাট্যকাৰ কোন আছিল ?

উত্তৰ:- “ধৰালৈ যিদিনা নামিব সৰগ” – সত্যপ্ৰসাদ বৰুৱা।

প্ৰশ্ন ১০/ কটন কলেজ কোন চনত স্হাপন হৈছিল?

উত্তৰ:- ১৯০১ চনত ।

Assam GK

প্ৰশ্ন ১১/ “অভিযাত্ৰী” উপন্যাসখন কোন অসমীয়া মুক্তিযোদ্ধা নাৰীৰ জীৱনৰ ওপৰত আধাৰিত?

উত্তৰ:- চন্দ্ৰপ্ৰভা শইকীয়ানী।

প্ৰশ্ন ১২/ ‘বীণবৰাগী’ কবিতা পুথিৰ ৰচক কোন?

উত্তৰ:- চন্দ্ৰকুমাৰ আগৰৱালা।

প্ৰশ্ন ১৩/ প্ৰসিদ্ধ চিন্তাবিদ ড° হীৰেণ গোঁহায়ে কোনখন গ্ৰন্থৰ বাবে সন্মানীয় সাহিত্য একাডেমী বঁটা লাভ কৰিছিল?

উত্তৰ:- “অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা” শীৰ্ষক গ্ৰন্থৰ বাবে।

প্ৰশ্ন ১৪/ অ. ভা. উ. সা. সভা বুলিলে কি বুজা?

উত্তৰ:- অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা।

প্ৰশ্ন ১৫/ ২০০৭ চনৰ অসম সাহিত্য সভাৰ অধিবেশনৰ সভাপতি কোন আছিল?

উত্তৰ:- কনক সেন ডেকা। (দ্বিতীয়বাৰৰ বাবে নিৰ্বাচিত)।

প্ৰশ্ন ১৬/ ২০০৬ চনৰ অসম উপত্যকা বঁটা লাভ কৰা ব্যক্তিজন কোন আছিল?

উত্তৰ:- নলিনীধৰ ভট্টাচাৰ্য।

প্ৰশ্ন ১৭/ ৰজনী কান্ত বৰদলৈয়ে লিখা বিখ্যাত উপন্যাসখনৰ নাম কি?

উত্তৰ:- মিৰিজীয়ৰী।

প্ৰশ্ন ১৮/ অসমৰ উপন্যাস সম্ৰাট কোন?

উত্তৰ:- ৰজনী কান্ত বৰদলৈ।

প্ৰশ্ন ১৯/ বিহগী কবি কোন?

উত্তৰ:- ৰঘুনাথ চৌধুৰী।

প্ৰশ্ন ২০/ ৰঘুনাথ চৌধুৰীয়ে লিখা কবিতা পুথি দুখনৰ নাম কি?

উত্তৰ:- দহিকতৰা আৰু কেতেকী ।

ধন্যবাদ ♥️

2 thoughts on “Assam GK (সাধাৰণ জ্ঞান)In Assamese Language SET-03”

Leave a Comment

error: Content is protected !! ExamAssam