Assam GK (সাধাৰণ জ্ঞান)In Assamese Language-09

5/5 - (1 vote)

Assam GK ( সাধাৰণ জ্ঞান )In Assamese Language SET-09

Assam GK and Current Affairs is the key to get success in any form of competitive exam in Assam. Assam GK can lead you to a great result, if you are good at remembering News, Events, and Facts related to Assam. Assam GK PDF is a collection of 500+ most important GK MCQ on different topics like Assam History, Assam Geography, Assam Art & Culture etc.

নমস্কাৰ মৰমৰ বন্ধু-বান্ধৱীসকল, আজিৰ আমাৰ “Assamese GK Question Answer” ৰ এই তথ্যৰাজিত UPSC, APSC, SSC, Police, TET আদি সকলোধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা প্ৰাৰ্থী সকলৰ সুবিধাৰ্থে বিশ্ব কুইজৰ ওপৰত ভিত্তি কৰি প্ৰয়োজনীয় প্ৰশ্নোত্তৰসমূহ আগবঢ়োৱা হৈছে। আশা কৰোঁ আমাৰ এই প্ৰশ্নোত্তৰ পৰা আপোনালোকে অলপ হ’লেও উপকৃত হ’ব।

যদি আপোনালোকে আমাৰ এনেধৰণৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু উত্তৰ সমূহৰ পৰা উপকাৰ পাইছে তথা উপকৃত হৈছে, তেনেহ’লে অনুগ্ৰহ কৰি আপোনালোকে আমাৰ ExamAssam.In ৰ বিষয়ে বন্ধু-বান্ধবী তথা পঢ়ুৱৈ সমাজত শ্বেয়াৰ (Share) কৰিব।

JOIN Whatsapp Group :- Click Here

Assam GK ( সাধাৰণ জ্ঞান )In Assamese Language

 

(১) পাঁচালি শব্দটো ক’ৰ পৰা আহিছে ?
উত্তৰ- সংস্কৃত ‘পাঞ্চালিকা’ শব্দৰ পৰা।

(২) বিশেষভাৱে উল্লেখযোগ্য পাঁচালি কাব্যৰ কবি কেইজনৰ নাম লিখা।
উত্তৰ- পীতাম্বৰ কবি, দুর্গাবৰ কায়স্থ, মনকৰ আৰু সুকবি নাৰায়ণদেৱ।

(৩) ‘ঊষা-পৰিণয়’, ‘ভাগৱত দশম স্কন্ধ’, ‘মার্কণ্ডেয় চণ্ডী’ আৰু ‘নল-দময়ন্তী’ কোনে ৰচনা কৰিছিল ?
উত্তৰ- পীতাম্বৰ কবিয়ে।

(৪) পীতাম্বৰ কবিৰ প্রথম ৰচনা কি ?
উত্তৰ- ‘ঊষা-পৰিণয়’।

(৫) পীতাম্বৰ কবিয়ে ‘ঊষা-পৰিণয়’ কাব্য কেতিয়া ৰচনা কৰিছিল ?
উত্তৰ- ১৫৩৩ খ্ৰীঃত।

(৬) ‘ঊষা-পৰিণয়’ কাব্যৰ মূল কি ?
উত্তৰ- হৰিবংশ বিষ্ণু পর্বৰ ১১৬-১২৮ অধ্যায়।

(৭) কোচবিহাৰৰ ৰাজকীয় গ্ৰন্থাগাৰত পীতাম্বৰ কবিৰ কোন দুখন গ্ৰন্থ হাতে লিখা অৱস্থাত সংৰক্ষিত হৈ আছে ?
উত্তৰ- ‘মার্কণ্ডেয় চণ্ডী’ আৰু ‘দশম স্কন্ধ’।

(৮) পীতাম্বৰৰ ‘ভাগৱত দশম স্কন্ধ’ কি ছন্দত ৰচিত ?
উত্তৰ- পয়াৰ আৰু ত্ৰিপদী ছন্দত।

(৯) কোন গৰাকী কবিয়ে নিজকে ‘শিশুমতি’ বুলি পৰিচয় দিছিল ?
উত্তৰ- পীতাম্বৰ কবিয়ে।

(১০) কোন গৰাকী কবিক ‘তামসিক’ বুলি আখ্যা দিয়া হয় ?
উত্তৰ- পীতাম্বৰ কবিক।

(১১) পীতাম্বৰ কবিক ‘তামসিক’ বুলি কোনে আখ্যা দিছিল ?
উত্তৰ- শংকৰদেৱে।

(১২) ‘গীতি-ৰামায়ণ’ আৰু ‘বেউলা-আখ্যান’ কোনে ৰচনা কৰিছিল ?
উত্তৰ- দুর্গাবৰ কায়স্থই।

(১৩) দুর্গাবৰৰ ‘গীতি-ৰামায়ণ’ত মুঠ কেইটা গীত সন্নিৱিষ্ট আছে ?
উত্তৰ- ৫৮ টা।

(১৪) “‘গীতি-ৰামায়ণ’ বাল্মীকিৰ অনুবাদ নহয় বৰং অপ্রমাদী কবি মাধৱ কন্দলীৰ ৰামায়ণৰ জনপ্ৰিয় সংস্কৰণ।” উক্তিটো কাৰ ?
উত্তৰ- সত্যেন্দ্ৰনাথ শৰ্মা।

(১৫) দুর্গাবৰৰ ‘গীতি-ৰামায়ণ’ক মাধৱ কন্দলীৰ পদ ৰামায়ণৰ ওজাপালি তাঙৰণ আখ্যা দিয়া বিশিষ্ট ব্যক্তি গৰাকী কোন ?
উত্তৰ- মহেশ্বৰ নেওগ।

(১৬) দুর্গাবৰৰ ‘গীতি-ৰামায়ণ’ক ‘বাল্মীকি মহাকাব্যৰ গাঁৱলীয়া তাঙৰণ’ বুলি কোনে মত প্ৰকাশ কৰিছে ?
উত্তৰ- ড০ বাণীকান্ত কাকতিয়ে।

(১৭) কোচৰজা বিশ্বসিংহৰ আমোলত বহুবল শিকদাৰৰ অনুপ্ৰেৰণা লাভ কৰি গীত ৰচনা কৰা কবি গৰাকী কোন ?
উত্তৰ- দুর্গাবৰ কায়স্থ।

(১৮) কোন গৰাকী ৰজাক ‘ৰাজা জল্পেশ্বৰ’ বুলি আখ্যা দিয়া হয় ?
উত্তৰ- বিশ্বসিংহক।

(১৯) বিশ্বসিংহক ‘ৰাজা জল্পেশ্বৰ’ বুলি কোনে আখ্যা দিছিল ?
উত্তৰ- মনকৰে।

(২০) ‘মনসা কাব্য’ কাৰ ৰচনা ?
উত্তৰ- মনকৰৰ।

(২১) মনকৰৰ পদ্মাপুৰাণৰ লগত সাদৃশ্য থকা পুথিখন কি ?
উত্তৰ- ‘শূন্যপুৰাণ’।

(২২) মনকৰৰ কাব্যত কোন দুবিধ ৰসৰ প্ৰতিপত্তি দেখা যায় ?
উত্তৰ- হাস্য আৰু শৃংগাৰ।

(২৩) ‘সুকনান্নী’ নামেৰে জনাজাত কাব্যখন কি ?
উত্তৰ- ‘পদ্মপুৰাণ’।

(২৪) ‘সুকনান্নী’ কবি কোন ?
উত্তৰ- সুকবি নাৰায়ণদেৱ।

(১@২৫) ‘জগত গুৰু’ কোন ?
উত্তৰ- শংকৰদেৱ।

(২৬) শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল ?
উত্তৰ- ১৪৪৯ খ্ৰীঃত, ১৩৭১ শকত।

(২৭) শংকৰদেৱৰ জন্ম ক’ত হৈছিল ?
উত্তৰ- নগাঁও জিলাৰ বৰদোৱাত।

(২৮) শংকৰদেৱৰ পিতৃৰ নাম কি ?
উত্তৰ- কুসুম্বৰ ভূঞা।

(২৯) শংকৰদেৱৰ মাতৃৰ নাম কি ?
উত্তৰ- সত্যসন্ধ্যা দেৱী।

(৩০) শংকৰদেৱক কোনে ডাঙৰ-দীঘল কৰিছিল ?
উত্তৰ- বুঢ়ীমাক খেৰশুতীয়ে।

(৩১) শংকৰদেৱে কাৰ টোলত শিক্ষা গ্ৰহণ কৰিছিল ?
উত্তৰ- মহেন্দ্ৰ কন্দলীৰ।

(৩২) শংকৰদেৱৰ প্রথমা পত্নীৰ নাম কি ?
উত্তৰ- সূর্যৱতী।

(৩৩) শংকৰদেৱৰ দ্বিতীয়া পত্নীৰ নাম কি ?
উত্তৰ- কালিন্দী।

(৩৪) শংকৰদেৱৰ মৃত্যু কেতিয়া হৈছিল ?
উত্তৰ- ১৫৬৮ খ্ৰীঃত।

(৩৫) শংকৰদেৱৰ মৃত্যু কোন স্থানত হৈছিল ?
উত্তৰ- কোচবিহাৰত।

(৩৬) শংকৰদেৱে কাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল ?
উত্তৰ- নৰনাৰায়ণৰ।

(৩৭) শংকৰদেৱ আৰু মাধৱদেৱৰ মিলন ক’ত হৈছিল ?
উত্তৰ- বেলগুৰিত।

(৩৮) শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক কি বুলি আখ্যা দিয়া হয় ?
উত্তৰ- ‘মণিকাঞ্চন সংযোগ’।

(৩৯) শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক ‘মণিকাঞ্চন সংযোগ’ বুলি কোনে অভিহিত কৰিছে ?
উত্তৰ- লক্ষ্মীনাথ বেজবৰুৱাই।

(৪০) শংকৰদেৱৰ প্রথম ৰচনা কি? নাইবা, শংকৰদেৱৰ প্রথম কাব্যখনৰ নাম কি ?
উত্তৰ- ‘হৰিশ্চন্দ্র উপাখ্যান’।

(৪১) শংকৰদেৱৰ কাব্যৰ সংখ্যা কিমান ?
উত্তৰ- ছয়।

(৪২) শংকৰদেৱৰ কাব্য কেইখনৰ নাম কি কি ?
উত্তৰ- ‘হৰিশ্চন্দ্র উপাখ্যান’, ‘ৰুক্মিণীহৰণ কাব্য’, ‘বলিছলন’, ‘অমৃত মদন’, ‘অজামিল উপাখ্যান’ আৰু ‘কুৰুক্ষেত্ৰ’।

(৪৩) ‘হৰিশ্চন্দ্ৰ উপাখ্যান’ কাব্যৰ মূল কি ?
উত্তৰ- মার্কণ্ডেয় পুৰাণৰ ৭ম-৮ম অধ্যায়।

(৪৪) শংকৰদেৱে কোনখন কাব্যৰ যোগেদি ‘ভকতিৰ চাৰিখুঁটি’ মাৰিছিল বুলি কোৱা হয় ?
উত্তৰ- ‘হৰিশ্চন্দ্র উপাখ্যান’।

(৪৫) ‘ভকতিৰ চাৰিখুঁটি’ কি কি ?
উত্তৰ- নাম, দেৱ, গুৰু আৰু ভকত।

(৪৬) ‘ৰুক্মিণী হৰণ কাব্য’ৰ মূল কি ?
উত্তৰ- ‘হৰিবংশ’ আৰু ‘ভাগৱত পুৰাণ’।

(৪৭) শংকৰদেৱৰ ভক্তিতত্ত্ব প্রকাশক গ্ৰন্থ কেইখনৰ নাম কি কি ?
উত্তৰ- ‘ভক্তিপ্রদীপ’, ‘ভক্তি-ৰত্নাকৰ’ (সংস্কৃত), ‘নিমি-নৱসিদ্ধ সংবাদ’ আৰু ‘অনাদিপতন’।

(৪৮) শংকৰদেৱৰ সংস্কৃত গ্ৰন্থখনৰ নাম কি ?
উত্তৰ- ‘ভক্তি-ৰত্নাকৰ’।

(৪৯) শংকৰদেৱে মূল ভাগৱত দশম স্কন্ধৰ কিমানটা অধ্যায় অনুবাদ কৰিছে ?
উত্তৰ- ৯০ টা।

(৫০) ‘উত্তৰাকাণ্ড’ ৰামায়ণ কোনে ৰচনা কৰিছিল ?
উত্তৰ- শংকৰদেৱে।

(৫১) শংকৰদেৱৰ নাম-প্রসংগমূলক গ্ৰন্থ দুখনৰ নাম লিখা।
উত্তৰ- ‘কীৰ্তন’ আৰু ‘গুণমালা’।

(৫১) শংকৰদেৱৰ কবিত্ব প্ৰতিভাৰ শ্ৰেষ্ঠ নিদৰ্শন কি ? নাইবা, শংকৰদেৱৰ বৈষ্ণৱ সাহিত্যৰ কীৰ্তিস্তম্ভ কি ?
উত্তৰ- ‘কীৰ্তন’।

(৫২) ‘কীৰ্তন’ কেইটা খণ্ডৰ সমষ্টি ?
উত্তৰ- ২৭ টা।

(৫৩) কাৰ আজ্ঞানুসাৰে, কোনে ‘কীৰ্তন’ সংগ্ৰহ কৰিছিল ?
উত্তৰ- মাধৱদেৱৰ আজ্ঞানুসাৰে, ৰামচৰণ ঠাকুৰে।

(৫৪) শংকৰদেৱৰ ‘গুণমালা’ কি ছন্দত ৰচিত ?
উত্তৰ- কুসুমমালা।

(৫৫) শংকৰদেৱৰ ‘গুণমালা’ গ্ৰন্থত কিমানটা পদ আছে ?
উত্তৰ- ৩৩৭ টা।

(৫৬) শংকৰদেৱে কোনজন ৰজাৰ অনুপ্ৰেৰণাত ‘গুণমালা’ পুথিখন ৰচনা কৰিছিল ?
উত্তৰ- নৰনাৰায়ণ।

(৫৭) অসমীয়া নাট্য সাহিত্যৰ জন্মদাতা কোন ?
উত্তৰ- শংকৰদেৱ।

(৫৮) শংকৰদেৱৰ প্রথম নাটখনৰ নাম কি ?
উত্তৰ: ‘চিহ্ন-যাত্রা’।

(৫৯) শংকৰদেৱে কোনখন নাটত অভিনয় কৰিছিল?
উত্তৰ- ‘চিহ্ন-যাত্রা’।

(৬০) অঙ্কীয়া নাটৰ ভাষা কি ?
উত্তৰ- ব্রজাৱলী।

(৬১) শংকৰদেৱৰ অঙ্কীয়া নাটৰ সংখ্যা কিমান ?
উত্তৰ- ছয়।

(৬২) শংকৰদেৱৰ অঙ্কীয়া নাট কেইখনৰ নাম কি কি ?
উত্তৰ- ‘পত্নী প্ৰসাদ’, ‘কালিয়-দমন’, ‘কেলিগোপাল’, ‘ৰুক্মিণী হৰণ’, ‘পাৰিজাত হৰণ’ আৰু ‘ৰামবিজয়’।

(৬৩) ‘পত্নীপ্রসাদ’ নাটখন শংকৰদেৱে ক’ত ৰচনা কৰিছিল ?
উত্তৰ- বেলগুৰিত।

(৬৪) শংকৰদেৱৰ ‘পত্নীপ্রসাদ’ আৰু ‘কালিয়-দমন’ নাটৰ মূল কি ?
উত্তৰ- ভাগৱত দশম স্কন্ধ।

(৬৫) ‘কেলিগোপাল’ নাটৰ মূল কি ?
উত্তৰ- ভাগৱত পুৰাণৰ ‘ৰাসপঞ্চাধ্যায়’।

(৬৬) ‘কেলি গোপাল’ নাটখন আৰু কি নামেৰে জনা যায় ?
উত্তৰ- ‘ৰাসক্রীড়া’।

(৬৭) শংকৰদেৱ ৰচিত সৰ্ববৃহৎ নাটখনৰ নাম কি ?
উত্তৰ: ‘ৰুক্মিণীহৰণ’।

(৬৮) ‘ৰুক্মিণী হৰণ’ নাটৰ মূল কি?
উত্তৰ- ভাগৱত পুৰাণ।

(৬৯) শংকৰদেৱৰ শ্ৰেষ্ঠ নাটখনৰ নাম কি ?
উত্তৰ- ‘পাৰিজাত হৰণ’।

(৭০) ‘পাৰিজাত হৰণ’ নাটৰ মূল কি ?
উত্তৰ- ‘হৰিবংশ’ আৰু ‘ভাগৱত পুৰাণ’।

(৭১) ‘কালিয়-দমন’, ‘কেলি গোপাল’, ‘ৰুক্মিণীহৰণ’ আৰু ‘পাৰিজাত হৰণ’ এই নাট কেইখন শংকৰদেৱে ক’ত ৰচনা কৰিছিল ?
উত্তৰ- পাটবাউসীত।

(৭২) শংকৰদেৱৰ শেষ নাটখনৰ নাম কি ? নাইবা, শংকৰদেৱৰ শেষ ৰচনা কি ?
উত্তৰ- ‘ৰামবিজয়’।

(৭৩) ‘ৰামবিজয়’ নাটৰ মূল কি ?
উত্তৰ- ‘আদিকাণ্ড ৰামায়ণ’।

(৭৪) ‘ৰামবিজয়’ নাটখন শংকৰদেৱে ক’ত ৰচনা কৰিছিল ?
উত্তৰ- কোচবিহাৰত।

(৭৫) শংকৰদেৱৰ ভটিমা কিমান প্ৰকাৰৰ ?
উত্তৰ- তিনি প্ৰকাৰৰ- নাট ভটিমা, দেৱ ভটিমা আৰু ৰাজ ভটিমা।

(৭৬) শংকৰদেৱে কোনজন ৰজাৰ গুণানুকীৰ্তন কৰি ৰাজ ভটিমা ৰচনা কৰে ?
উত্তৰ: নৰনাৰায়ণ।

(৭৭) ‘গুৰু ভটিমা’ৰ প্রৱর্তক কোন?
উত্তৰ- মাধৱদেৱ।

(৭৮) শংকৰদেৱে প্ৰথম বৰগীতটি ক’ত আৰু কেতিয়া ৰচনা কৰিছিল ?
উত্তৰ- প্ৰথমবাৰ তীৰ্থভ্রমণ কৰিবলৈ যাওঁতে বদৰিকাশ্রমত, ১৪৯০ খ্ৰীষ্টাব্দমানত।

(৭৯) শংকৰদেৱৰ প্রথম বৰগীতটিৰ নাম কি ?
উত্তৰ- ‘মন মেৰি ৰাম চৰণেহি লাগু’।

(৮০) শংকৰদেৱে কিমানটা বৰগীত ৰচনা কৰিছিল ?
উত্তৰ- ২৪০ টা।

(৮১) শংকৰদেৱৰ বৰগীতসমূহ কোনে আওঁৰাবলৈ নিওঁতে জুইত পুৰি নষ্ট হয় ?
উত্তৰ- কমলা গায়ন নামৰ এজন ভকতে।

(৮২) শংকৰদেৱৰ বৰগীতৰ সংখ্যা কিমান ?
উত্তৰ- ৩৪ টা।

(৮৩) বৰগীতৰ ভাষা কি ?
উত্তৰ- ব্রজাৱলী।

(৮৪) বৰগীতসমূহক ড৹ বাণীকান্ত কাকতিয়ে কি আখ্যা দিছে ?
উত্তৰ- Noble Numbers.

(৮৫) বৰগীতসমূহক কালিৰাম মেধিয়ে কি আখ্যা দিছে ?
উত্তৰ- Songs Celestial বা Great Song.

(৮৬) বৰগীতসমূহক ‘Holy Song’ বুলি কোনে আখ্যা দিছে ?
উত্তৰ- দেৱেন্দ্ৰনাথ বেজবৰুৱাই।

(৮৭) ‘গোপাল কি গতি কৈলে, গোবিন্দ কি মতি দিলে’ শীর্ষক বৰগীতটিৰ ৰাগ কি আৰু ইয়াৰ ৰচক কোন ?
উত্তৰ- ৰাগ-শ্রী, শংকৰদেৱ।

(৮৮) কোনজন কবিয়ে নিজকে শহাপহু আৰু মাধৱ কন্দলীক হাতীৰ লগত তুলনা কৰিছে?
উত্তৰ- শংকৰদেৱে।

(৮৯) কথা গুৰুচৰিত মতে শংকৰদেৱে বৰদোৱাত কিমান দিন কটাইছিল ?
উত্তৰ- ৭ বছৰ ৬ মাহ।

(৯০) শংকৰদেৱৰ প্ৰিয় শিষ্য কোন ?
উত্তৰ- মাধৱদেৱ।

(৯১) ‘বঢ়াৰ পো’ কোন ?
উত্তৰ- মাধৱদেৱ।

(৯২) শংকৰদেৱে ‘বঢ়াৰ পো’ বুলি কোনজনা শিষ্যক সম্বোধন কৰিছিল ?
উত্তৰ- মাধৱদেৱক।

(৯৩) মাধৱদেৱৰ জন্ম কেতিয়া হৈছিল ?
উত্তৰ- ১৪৮৯ খ্ৰীঃত।

(৯৪) মাধৱদেৱৰ জন্মস্থান ক’ত ?
উত্তৰ- লক্ষীমপুৰৰ নাৰায়ণপুৰ অঞ্চলত।

(৯৫) মাধৱদেৱৰ পিতৃৰ নাম কি ?
উত্তৰ- গোবিন্দগিৰি।

(৯৬) মাধৱদেৱৰ মাতৃৰ নাম কি ?
উত্তৰ- মনোৰমা।

(৯৭) মাধৱদেৱৰ শিক্ষাগুৰু জনাৰ নাম কি ?
উত্তৰ- ৰাজেন্দ্ৰ অধ্যাপক।

(৯৮) মাধৱদেৱৰ মৃত্যু কেতিয়া হৈছিল ?
উত্তৰ- ১৫৯৬ খ্ৰীঃত।

(৯৯) মাধৱদেৱৰ মৃত্যু কোন স্থানত হৈছিল ?
উত্তৰ- কোচবিহাৰত।

(১০০) ‘ৰাজসূয় কাব্য’ আৰু ‘জন্মৰহস্য’ কাৰ ৰচনা ?
উত্তৰ- মাধৱদেৱৰ।

(১০১) ‘নামঘোষা’ কোনে ৰচনা কৰিছিল ?
উত্তৰ- মাধৱদেৱে।

2 thoughts on “Assam GK (সাধাৰণ জ্ঞান)In Assamese Language-09”

Leave a Comment

error: Content is protected !! ExamAssam