Assam GK (সাধাৰণ জ্ঞান)In Assamese Language-10

5/5 - (1 vote)

Assam GK ( সাধাৰণ জ্ঞান )In Assamese Language SET-10

Assam GK and Current Affairs is the key to get success in any form of competitive exam in Assam. Assam GK can lead you to a great result, if you are good at remembering News, Events, and Facts related to Assam. Assam GK PDF is a collection of 500+ most important GK MCQ on different topics like Assam History, Assam Geography, Assam Art & Culture etc.

নমস্কাৰ মৰমৰ বন্ধু-বান্ধৱীসকল, আজিৰ আমাৰ “Assamese GK Question Answer” ৰ এই তথ্যৰাজিত UPSC, APSC, SSC, Police, TET আদি সকলোধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা প্ৰাৰ্থী সকলৰ সুবিধাৰ্থে বিশ্ব কুইজৰ ওপৰত ভিত্তি কৰি প্ৰয়োজনীয় প্ৰশ্নোত্তৰসমূহ আগবঢ়োৱা হৈছে। আশা কৰোঁ আমাৰ এই প্ৰশ্নোত্তৰ পৰা আপোনালোকে অলপ হ’লেও উপকৃত হ’ব।

যদি আপোনালোকে আমাৰ এনেধৰণৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু উত্তৰ সমূহৰ পৰা উপকাৰ পাইছে তথা উপকৃত হৈছে, তেনেহ’লে অনুগ্ৰহ কৰি আপোনালোকে আমাৰ ExamAssam.In ৰ বিষয়ে বন্ধু-বান্ধবী তথা পঢ়ুৱৈ সমাজত শ্বেয়াৰ (Share) কৰিব।

JOIN Whatsapp Group :- Click Here

Assam GK ( সাধাৰণ জ্ঞান )In Assamese Language



(১) লোক-সাহিত্য মূলতঃ কেই প্ৰকাৰৰ ?

উত্তৰ- তিনি প্ৰকাৰ ।

(২) সাধুকথা কোন শ্ৰেণীৰ সাহিত্য ?

উত্তৰ- লোক-সাহিত্য।

(৩) লোকগীত প্রধানকৈ কেই প্ৰকাৰৰ ?

উত্তৰ- তিনি।

(৪) বিহুগীত, আইনাম, বিয়ানাম ইত্যাদি লোকগীতৰ কোনটো শ্ৰেণীত পৰে ?

উত্তৰ- অনুষ্ঠানমূলক লোকগীতৰ।

(৫) বিহুগীতবোৰ সাধাৰণতে কোনটো ছন্দত ৰচনা কৰা হয় ?

উত্তৰ- ত্ৰিপদী ছন্দত।

(৬) কামৰূপত যোৰা নামক কি বুলি কোৱা হয় ?
উত্তৰ- খিচাগীত।

(৭) আখ্যানমূলক লোকগীতসমূহক ইংৰাজীত কি বুলি কোৱা হয় ?
উত্তৰ- বেলাড।

(৮) ‘বেলাড’ শব্দৰ অসমীয়া প্ৰতিশব্দ কি ?
উত্তৰ- মালিতা।

(৯) মণিকোঁৱৰৰ গীত, শান্তি বাৰমাহীৰ গীত, বৰফুকনৰ গীত ইত্যাদি কোন শ্ৰেণীৰ লোকগীত ?
উত্তৰ- আখ্যানমূলক বা বেলাড বা মালিতা শ্রেণীৰ।

(১০) আখ্যানমূলক লোকগীতসমূহক প্ৰধানকৈ কেইটা ভাগত ভাগ কৰিব পাৰি ?
উত্তৰ- তিনিটা।

(১১) বুৰঞ্জীমূলক মালিতাৰ ভিতৰত সর্বপ্রাচীন গীতটো কি ?
উত্তৰ- নাহৰৰ গীত।

(১২) বুৰঞ্জীমূলক মালিতাৰ ভিতৰত অতি অৰ্বাচীন গীতটো কি ?
উত্তৰ- মণিৰাম দেৱান।

(১৩) জনাগাভৰুৰ গীতৰ নায়ক কোন ?
উত্তৰ- গোপীচন কোঁৱৰ।

(১৪) জিকিৰ আৰু জাৰি গীতসমূহক কোন শ্ৰেণী সাহিত্যৰ অন্তর্ভুক্ত কৰিব পাৰি ?
উত্তৰ- লোকগীত।

(১৫) জিকিৰ শব্দৰ অৰ্থ কি ?
উত্তৰ- আল্লাৰ নাম স্মৰণ কৰা।

(১৬) হেমচন্দ্ৰ গোস্বামীয়ে কোনখিনি সময়ক গীতিযুগ বুলি নিৰ্দেশ কৰিছে ?
উত্তৰ- অসমীয়া সাহিত্যৰ প্রাচীনতম কালটোক।

(১৭) ‘Folk Literature of Assam’ আৰু ‘অসমীয়া জনসাহিত্য’ শীর্ষক গ্ৰন্থ দুখনৰ লেখক কোন ?
উত্তৰ- ড০ প্ৰফুল্ল দত্ত গোস্বামী।

(১৮) ‘আকুল পথিক’ গ্রন্থখনৰ লেখক কোন ?
উত্তৰ- ডিম্বেশ্বৰ নেওগ।

(১৯) ‘অসমীয়া লোকগীত’ গ্রন্থখন কাৰ ৰচনা ?
উত্তৰ- ড০ লীলা গগৈৰ।

(২০) ‘অসমীয়া সাহিত্যৰ চানেকি’ গ্রন্থখন কাৰ ৰচনা ?
উত্তৰ- হেমচন্দ্ৰ গোস্বামীৰ।

(২১) ‘অখ্যাত কবিৰ বিখ্যাত ৰচনা’ বুলি কোনবিধ সাহিত্যক কোৱা হয় ?
উত্তৰ- লোক-সাহিত্যক।

(২২) অসমীয়া ভাষাৰ প্ৰাচীনতম নিদৰ্শন বুলি কোন শ্ৰেণীৰ সাহিত্যক কোৱা হয় ?
উত্তৰ- চর্যাপদক।

(২৩) চর্যাপদসমূহ কাৰ ৰচনা ?
উত্তৰ- সহজীয়া বৌদ্ধ সিদ্ধাচার্যসকলৰ।

(২৪) চর্যাপদসমূহ কোনে, কিমান চনত সংগ্ৰহ কৰিছিল ?
উত্তৰ- হৰপ্ৰসাদ শাস্ত্ৰীয়ে, ১৯০৭ চনত।

(২৫) হৰপ্ৰসাদ শাস্ত্ৰীয়ে ‘চর্যাপদ’ বা বৌদ্ধগানসমূহ ক’ৰ পৰা সংগ্ৰহ কৰি আনিছিল ?
উত্তৰ- নেপালৰ ৰাজদৰবাৰ গ্রন্থালয়ৰ পৰা।

(২৬) চর্যাপদসমূহ ‘হাজাৰ বছৰেৰ পুৰাণ বাঙ্গালা ভাষায় বৌদ্ধগান ও দোহা’ এই নামেৰে কোনে, কিমান চনত প্রকাশ কৰিছিল ?
উত্তৰ- হৰপ্ৰসাদ শাস্ত্ৰীয়ে, ১৯২৬ চনত।

(২৭) ‘চর্যাচর্য বিনিশ্চয়’ নামটো কোনে দিছিল ?
উত্তৰ- হৰপ্ৰসাদ শাস্ত্ৰীয়ে।

(২৮) চর্যাপদৰ মূল পুথিখনৰ নাম কি? নাইবা, ‘চর্যাচর্য বিনিশ্চয়’ৰ আচল নাম কি ?
উত্তৰ- চর্যাগীতিকোষ।

(২৯) ‘চর্যাচর্য বিনিশ্চয়’ত কিমানটা পূর্ণগীত পোৱা যায় ?
উত্তৰ- ৪৬ টা।

(৩০) ‘চর্যাচর্য বিনিশ্চয়’ত কিমানটা খণ্ডিত গীত পোৱা যায় ?
উত্তৰ- এটা।

(৩১) ‘চর্যাচর্য বিনিশ্চয়’ত কিমানজন সিদ্ধাচার্যৰ গীত সন্নিৱিষ্ট আছে ?
উত্তৰ- ২৪ জন।

(৩২) কোনখন গ্ৰন্থৰ আধাৰত সৰহপাদক কামৰূপৰ ৰাজ্ঞী (বৰ্তমান ৰাণী) অঞ্চলত উদ্ভৱ হোৱা বুলি কোৱা হয় ?
উত্তৰ- Pag Sam Jon Zen.

(৩৩) বৌদ্ধগান আৰু দোহাসমূহ কোন পন্থাৰ ধৰ্ম সাধনৰ গীত ?
উত্তৰ- সহজযান পন্থাৰ।

(৩৪) চর্যাগীতৰ ভাষা কি ?
উত্তৰ- সন্ধ্যা ভাষা।

(৩৫) সন্ধ্যাৰ আধা আলো আধা ছাঁয়াৰ ৰহস্যঘনতাই আবৃত গীত বুলি কাক অভিহিত কৰা হয় ?
উত্তৰ- চর্যাপদক।

(৩৬) কাৰ চর্যাত ব্যাধ আৰু হৰিণ চিকাৰৰ বর্ণনা আছে ?
উত্তৰ: ভূ-সূকৰ চর্যাত।

(৩৭) কোনটো চর্যাত দবা খেলৰ উল্লেখ আছে ?
উত্তৰ- ২ নং চর্যাত।

(৩৮) কিমান নং চৰ্যাত বিবাহ যাত্ৰাৰ বর্ণনা আছে ?
উত্তৰ- ১৯ নং চৰ্যাত।

(৩৯) কোনটো চর্যাত ৰজাই সৈন্য সামন্ত লৈ পৰৰাজ্য অধিকাৰ কৰাৰ প্রয়াস বর্ণিত আছে ?
উত্তৰ- ৪৮ নং চর্যাত।

(৪০) চর্যাপদত কোনখন সমাজৰ চিত্ৰ বিশেষভাৱে অঙ্কিত ?
উত্তৰ- নিম্ন শ্ৰেণীৰ সমাজৰ চিত্ৰ।

(৪১) চর্য্যাপদ-(১) “কাআ তৰুবৰ পঞ্চ বি ডাল” শীর্ষক গীতটি কাৰ ৰচনা? গীতটিৰ ৰাগ কি ?
উত্তৰ- লুইপাদ, ৰাগ-পটমঞ্জৰী।

(৪২) চৰ্যাপদবোৰ কি ছন্দত ৰচিত ?
উত্তৰ- মাত্ৰাবৃত্ত ছন্দত।

(৪৩) অসমীয়া ভাষাৰ উপৰিও আন কি কি ভাষাৰ লোকে চর্যাপদক সেই ভাষাৰ প্ৰাচীনতম নিদৰ্শন বুলি গ্ৰহণ কৰিছে ?
উত্তৰ- বঙলা, মৈথিলী, উড়িয়া।

(৪৪) দশম শতাব্দীৰ কামৰূপৰ ৰজা ৰত্নপালক বজ্রযানী পন্থাত বিশ্বাস কৰোৱা চর্যাকাৰজন কোন আছিল ?
উত্তৰ- সৰহপাদ।

(৪৫) ‘চর্যাচর্য বিনিশ্চয়’ৰ টীকাকাৰ কোন আছিল ?
উত্তৰ- মুনিদত্ত।

(৪৬) লোক সমাজে বেদৰ বাণী জ্ঞান কৰা লোক সাহিত্য বিধ কি ?
উত্তৰ: ডাকৰ বচন।

(৪৭) মাত্ৰাবৃত্ত ছন্দৰ সলনি আক্ষৰিক ছন্দৰ প্রৱর্তন কোন যুগত হৈছিল?
উত্তৰ- প্ৰাক্ শংকৰী যুগত।

(৪৮) প্রাক্ শংকৰী যুগৰ (চতুর্দশ শতিকাৰ) কবি কেইজনৰ নাম লিখা।
উত্তৰ- হেম সৰস্বতী, কবিৰত্ন সৰস্বতী, ৰুদ্ৰ কন্দলী, হৰিবৰ বিপ্র আৰু মাধৱ কন্দলী।

(৪৯) হেম সৰস্বতীয়ে কোনজন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল ?
উত্তৰ- দুৰ্লভ নাৰায়ণৰ।

(৫০) ‘প্ৰহ্লাদ চৰিত্র’ আৰু ‘হৰগৌৰী-সংবাদ’ কোনে ৰচনা কৰিছিল ?
উত্তৰ- হেম সৰস্বতীয়ে।

(৫১) নিভাঁজ অসমীয়া ভাষাৰ প্ৰথম লিখিত নিদৰ্শন কি ?
উত্তৰ- ‘প্রহ্লাদ চৰিত্ৰ’।

(৫২) হেম সৰস্বতীয়ে ক’ৰ পৰা ‘প্রহ্লাদ চৰিত্ৰ’ৰ ঘটনা লৈছিল?
উত্তৰ- ‘বামন-পুৰাণ’ৰ পৰা।

(৫৩) হেম সৰস্বতীৰ ‘প্রহ্লাদ চৰিত্ৰ’ত কিমানটা পদ আছে ?
উত্তৰ- এশটা।

(৫৪) ‘প্রহ্লাদ চৰিত্ৰ’খন প্রথমে কোনে, কেতিয়া সম্পাদনা কৰি উলিয়ায় ?
উত্তৰ- কালিৰাম মেধিয়ে, ১৯১৩ চনত।

(৫৫) হেম সৰস্বতীৰ ‘হৰগৌৰী-সংবাদ’ কিমানটা পদত ৰচিত ?
উত্তৰ- ৮৯৯ টা।

(৫৬) কবিৰত্ন সৰস্বতীয়ে কোনজন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল ?
উত্তৰ- দুর্লভ নাৰায়ণৰ পুত্ৰ ইন্দ্ৰ নাৰায়ণৰ।

(৫৭) মহাপুৰুষ মাধৱদেৱৰ ভাগিন ৰামচৰণ ঠাকুৰৰ সপ্তম উপৰিপুৰুষজনৰ নাম কি ?
উত্তৰ- কবিৰত্ন সৰস্বতী।

(৫৮) মহাভাৰতৰ দ্ৰোণ পৰ্বৰ অন্তর্গত কাব্যখনৰ নাম কি ?
উত্তৰ- ‘জয়দ্রথ বধ’।

(৫৯) ‘কৈলাশ বৰ্ণনা’ অংশটি কোনখন কাব্যৰ অন্তর্গত ?
উত্তৰ- ‘জয়দ্রথ বধ’।

(৬০) ‘জয়দ্রথ বধ’ কাব্যখনৰ ৰচক কোন ?
উত্তৰ- কবিৰত্ন সৰস্বতী।

(৬১) ৰুদ্ৰ কন্দলীয়ে কোনজন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল ?
উত্তৰ- শ্ৰীমন্ত তাম্ৰধ্বজৰ।

(৬২) ‘সাত্যকি প্ৰৱেশ’ কাব্যৰ ৰচক কোন?
উত্তৰ- ৰুদ্ৰ কন্দলী।

(৬৩) কমতাপুৰৰ ৰজাৰ অনুপ্ৰেৰণা লাভ কৰা কবি সকলৰ ভিতৰত সর্বশ্রেষ্ঠ কবি কোন ?
উত্তৰ- হৰিবৰ বিপ্র।

(৬৪) হৰিবৰ বিপ্রই কোনজন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল ?
উত্তৰ- দুর্লভ নাৰায়ণৰ।

(৬৫) ‘বব্রুবাহনৰ যুদ্ধ’, ‘লৱ-কুশৰ যুদ্ধ’ আৰু ‘তাম্ৰধ্বজৰ যুদ্ধ’ কোনে ৰচনা কৰিছিল ?
উত্ত- হৰিবৰ বিপ্রই।

(৬৬) ‘বব্রুবাহনৰ যুদ্ধ’ আৰু ‘লৱ-কুশৰ যুদ্ধ’ কাব্য দুখনৰ মূল কি ?
উত্তৰ- ‘জৈমিনি অশ্বমেধ’।

(৬৭) মহাভাৰতৰ ‘অশ্বমেধ’ পর্বৰ পৰা বিষয়বস্তু লৈ কাব্য ৰচনা কৰা কবি গৰাকী কোন?
উত্তৰ- হৰিবৰ বিপ্র।

(৬৮) অসমীয়া সাহিত্যৰ প্রথম গৰাকী বীৰ কাব্য ৰচক কোন ?
উত্তৰ- হৰিবৰ বিপ্র।

(৬৯) প্রাক্ শংকৰী যুগৰ শ্ৰেষ্ঠ কবিজনৰ নাম কি ?
উত্তৰ- মাধৱ কন্দলী।

(৭০) মাধৱ কন্দলী কোনজন ৰজাৰ ৰাজকবি আছিল ?
উত্তৰ- বৰাহী ৰজা মহামাণিক্যৰ।

(৭১) মাধৱ কন্দলীয়ে কোনজন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল ?
উত্তৰ- বৰাহী ৰজা মহামাণিক্যৰ।

(৭২) মাধৱ কন্দলীয়ে কোনজন ৰজাৰ পৃষ্ঠপোষকতাত ‘ৰামায়ণ’ ৰচনা কৰিছিল ?
উত্তৰ- বৰাহী ৰজা মহামাণিক্যৰ।

(৭৩) মাধৱ কন্দলীয়ে জন সমাজত কি বুলি খ্যাতি লাভ কৰিছিল ?
উত্তৰ- ‘কবিৰাজ কন্দলী’।

(৭৪) ‘কবিৰাজ কন্দলী’ হিচাপে জনাজাত কবি গৰাকী কোন ?
উত্তৰ- মাধৱ কন্দলী।

(৭৫) মাধৱ কন্দলীয়ে বাল্মীকিৰ ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰোঁতে কি নীতি অৱলম্বন কৰিছিল ?
উত্তৰ- ‘লম্ভা পৰিহৰি সাৰোদ্ধৃতে’।

(৭৬) মাধৱ কন্দলীয়ে ৰচনা কৰা ৰামায়ণ খনৰ নাম কি ?
উত্তৰ- ‘সপ্তকাণ্ড ৰামায়ণ’।

(৭৭) মাধৱ কন্দলীৰ ৰামায়ণত কেইটা কাণ্ড পোৱা যায় ?
উত্তৰ- পাঁচটা।

(৭৮) মাধৱ কন্দলীৰ ৰামায়ণৰ প্ৰথম সম্পাদনা কোনে কৰিছিল ?
উত্তৰ- মাধৱচন্দ্র বৰদলৈয়ে।

(৭৯) নব্য ভাৰতীয় আৰ্য ভাষাত প্ৰথম ৰামায়ণ ৰচনা কৰা কবি গৰাকী কোন ?
উত্তৰ- মাধৱ কন্দলী।

(৮০) মাধৱ কন্দলীয়ে ৰামায়ণৰ উপৰি আন কি কাব্য ৰচনা কৰিছিল ?
উত্তৰ- ‘দেৱজিৎ’।

(৮১) ‘অপ্রমাদী কবি’ কোন ?
উত্তৰ- মাধৱ কন্দলী।

(৮২) মাধৱ কন্দলীক ‘অপ্রমাদী কবি’ বুলি কোনে অভিহিত কৰিছিল ?
উত্তৰ- শংকৰদেৱে।

(৮৩) মাধৱ কন্দলীক ‘অসমীয়া ছচাৰ’ বুলি কোনে অভিহিত কৰিছিল ?
উত্তৰ- হেমচন্দ্ৰ গোস্বামীয়ে।

(৮৪) ‘শ্রীকৃষ্ণ-কীর্তন’ৰ কবি কোন ?
উত্তৰ- বড়ু চণ্ডীদাস।

(৮৫) ‘শ্রীকৃষ্ণ-কীর্তন’ৰ ৰচনা কাল কিমান ?
উত্তৰ- চতুর্দশ শতিকা।

(৮৬) ‘শ্রীকৃষ্ণ-কীর্তন’ৰ উদ্ধাৰকর্তা আৰু প্রথম সম্পাদকজনৰ নাম কি?
উত্তৰ- বসন্তৰঞ্জন ৰায় বিদ্ধত বল্লভ।

(৮৭) “শ্ৰীকৃষ্ণ-কীর্তনৰ পাতে পাতে কিমান যে ভুল-ভ্রান্তি, অসতর্কতা আৰু দায়িত্বহীনতাৰ পৰিচয় ঘটিছে সেইটো দেখি শিক্ষিত বঙালী মাত্ৰেই লজ্জিত আৰু মৰ্মাহত হ’ব” বুলি কোনে মন্তব্য কৰিছিল ?
উত্তৰ- ড০ অমিত্রসূদন ভট্টাচাৰ্যই।

(৮৮) “উপভাষাবোৰ স্বতন্ত্ৰ-বিকাশৰ যাত্ৰা আৰম্ভ হোৱা নাই, কিন্তু সুস্পষ্ট ৰূপে নিৰ্দ্ধাৰিত হৈছে। এনেকুৱা উপভাষা কিছুমানৰ সানমিহলি ৰূপ এটা কৃষ্ণ-কীর্তনৰ ভাষাই দাঙি ধৰে।” কথাষাৰ কোনে কৈছিল ?
উত্তৰ- ড০ বাণীকান্ত কাকতিয়ে।

(৮৯) ‘গীতগোবিন্দ’ কাব্যৰ ৰচক কোন ?
উত্তৰ- জয়দেৱ।

(৯০) ‘শ্ৰীকৃষ্ণ-কীর্তন’ত জয়দেৱৰ কোনখন কাব্যৰ প্ৰভাৱ পৰা দেখা যায় ?
উত্তৰ- ‘গীতগোবিন্দ’।

(৯১) ‘শ্রীকৃষ্ণ-কীর্তন’ কেইটা খণ্ডত বিভক্ত ?
উত্তৰ- ১৩ টা।

(৯২) ‘শ্ৰীকৃষ্ণ-কীর্তন’ত থকা শ্লোক আৰু পদৰ সংখ্যা কিমান ?
উত্তৰ- ১৬১ টা শ্লোক আৰু ৪১৮ টা পদ।

(৯৩) কোন গৰাকী ব্যক্তিয়ে ‘শ্ৰীকৃষ্ণ-কীর্তন’ৰ ভাষাক কামৰূপ গৌড়ৰ সীমা মুৰিয়লিৰ বস্তু বুলি মত প্ৰকাশ কৰিছে ?
উত্তৰ- মহেশ্বৰ নেওগে।

(৯৪) ‘শূন্যপুৰাণ’ কোনে ৰচনা কৰিছিল ?
উত্তৰ- ৰামাই পণ্ডিতে।

(৯৫) ‘শূন্যপুৰাণ’ গ্রন্থখনত কোন দেৱতাৰ উল্লেখ আছে ?
উত্তৰ- ধর্মদেৱতাৰ।

(৯৬) ‘শূন্যপুৰাণ’ৰ সৃষ্টি-তত্ত্বৰ লগত কোনখন গ্ৰন্থৰ বিষয়গতৰ লগতে ভাষাগতৰ কিছু সাদৃশ্য দেখা যায় ?
উত্তৰ- মনকৰৰ ‘পদ্মাপুৰাণ’।

(৯৭) ‘শূন্যপুৰাণ’ গ্রন্থখনৰ সম্পাদনাৰ লগত জড়িত ব্যক্তি গৰাকী কোন ?
উত্তৰ- নগেন্দ্ৰ নাৰায়ণ বসু।

(৯৮) নাথ বা যোগী সাহিত্যৰ প্রৱর্তক কোন ?
উত্তৰ- মৎস্যেন্দ্ৰ নাথ।

(৯৯) দশম-একাদশ শতিকাৰ নাথ সিদ্ধসকলৰ কাহিনীক লৈ ৰচনা কৰা গীতবোৰক কি হিচাপে জনা যায় ?
উত্তৰ- গোপীচন্দ্রৰ গীত।

(১০০) গোপীচন্দ্রৰ গীত কোন শ্ৰেণীৰ সাহিত্যৰ অন্তৰ্ভুক্ত ?
উত্তৰ- নাথ সাহিত্য।

(১০১) পাঁচালি শব্দটো ক’ৰ পৰা আহিছে ?
উত্তৰ- সংস্কৃত ‘পাঞ্চালিকা’ শব্দৰ পৰা।

2 thoughts on “Assam GK (সাধাৰণ জ্ঞান)In Assamese Language-10”

Leave a Comment

error: Content is protected !! ExamAssam