Assam GK (সাধাৰণ জ্ঞান)In Assamese Language-11

5/5 - (1 vote)

Assam GK ( সাধাৰণ জ্ঞান )In Assamese Language SET-11

Assam GK and Current Affairs is the key to get success in any form of competitive exam in Assam. Assam GK can lead you to a great result, if you are good at remembering News, Events, and Facts related to Assam. Assam GK PDF is a collection of 500+ most important GK MCQ on different topics like Assam History, Assam Geography, Assam Art & Culture etc.

নমস্কাৰ মৰমৰ বন্ধু-বান্ধৱীসকল, আজিৰ আমাৰ “Assamese GK Question Answer” ৰ এই তথ্যৰাজিত UPSC, APSC, SSC, Police, TET আদি সকলোধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা প্ৰাৰ্থী সকলৰ সুবিধাৰ্থে বিশ্ব কুইজৰ ওপৰত ভিত্তি কৰি প্ৰয়োজনীয় প্ৰশ্নোত্তৰসমূহ আগবঢ়োৱা হৈছে। আশা কৰোঁ আমাৰ এই প্ৰশ্নোত্তৰ পৰা আপোনালোকে অলপ হ’লেও উপকৃত হ’ব।

যদি আপোনালোকে আমাৰ এনেধৰণৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু উত্তৰ সমূহৰ পৰা উপকাৰ পাইছে তথা উপকৃত হৈছে, তেনেহ’লে অনুগ্ৰহ কৰি আপোনালোকে আমাৰ ExamAssam.In ৰ বিষয়ে বন্ধু-বান্ধবী তথা পঢ়ুৱৈ সমাজত শ্বেয়াৰ (Share) কৰিব।

JOIN Whatsapp Group :- Click Here

Assam GK ( সাধাৰণ জ্ঞান )In Assamese Language


(১) ‘নামঘোষা’ কোনে ৰচনা কৰিছিল ?
উত্তৰ- মাধৱদেৱে।

(২) মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি ?
উত্তৰ- ‘নামঘোষা’।

(৩) ‘নামঘোষা’ৰ আন এটা নাম কি ?
উত্তৰ- ‘হেজাৰী ঘোষা’।

(৪) ড০ বাণীকান্ত কাকতিয়ে ‘নামঘোষা’ক কি আখ্যা দিছে?
উত্তৰ: মহাপ্রস্থানিক গীত।

(৫) ‘নামঘোষা’ত কিমানটা ঘোষা আছে?
উত্তৰ: এহেজাৰ।

(৬) মাধৱদেৱৰ নাট কেইখনৰ নাম লিখা।
উত্তৰ: ‘অৰ্জুন ভঞ্জন’, ‘চোৰধৰা’, ‘পিম্পৰা গুচোৱা’, ‘ভূমি লেটোৱা’ আৰু ‘ভোজন বিহাৰ’।

(৭) ‘অৰ্জুন ভঞ্জন’ নাটৰ আন এটা নাম কি?
উত্তৰ: ‘দধি মথন’।

(৮) ‘অৰ্জুন ভঞ্জন’ নাটৰ মূল কি?
উত্তৰ: ভাগৱত পুৰাণ।

(৯) মাধৱদেৱৰ ‘অৰ্জুন ভঞ্জন’ নাটৰ বাহিৰে বাকী কেইখন নাটক কি বোলা হৈছে?
উত্তৰ: ঝুমুৰা।

(১০) মাধৱদেৱৰ ঝুমুৰাসমূহৰ মূল কি?
উত্তৰ: কৃষ্ণকর্ণামৃত।

(১১) ‘ভূষণ হৰণ’ কাৰ ৰচনা?
উত্তৰ: মাধৱদেৱৰ।

(১২) মাধৱদেৱৰ বৰগীতৰ সংখ্যা কিমান?
উত্তৰ: ১৫৭ টা।

(১৩) মাধৱদেৱৰ ‘তেজৰে কমলাপতি’ শীর্ষক বৰগীতটি কি বিষয়ক?
উত্তৰ: জাগন বা জাগৰণ।

(১৪) মাধৱদেৱৰ একমাত্ৰ কাব্যখনৰ নাম কি?
উত্তৰ: ‘ৰাজসূয় কাব্য’।

(১৫) মাধৱদেৱৰ ‘ৰাজসূয় কাব্য’খন কোন শ্ৰেণীৰ ৰচনাৰ ভিতৰত পৰে?
উত্তৰ: আখ্যানমূলক।

(১৬) মাধৱদেৱে কোনখন পুথি চিলাৰায়ৰ পত্নী ৰাণী ভূৱনেশ্বৰীৰ আদেশত ৰচনা কৰিছিল?
উত্তৰ: ‘ৰাজসূয় কাব্য’।

(১৭) ‘ভক্তি ৰত্নাৱলী’ আৰু ‘নাম-মালিকা’ কাৰ ৰচনা?
উত্তৰ: মাধৱদেৱৰ।

(১৮) ‘আদিকাণ্ড ৰামায়ণ’ কোনে ৰচনা কৰিছিল?
উত্তৰ: মাধৱদেৱে।

(১৯) অসমীয়া সাহিত্যত কিমানটা বৰগীত প্ৰচলিত হৈ আছে? নাইবা, অসমত মহাপুৰুষ দুগৰাকীৰ নামত প্ৰচলিত বৰগীত কেইটা?
উত্তৰ: ১৯১ টা।

(২০) অসমৰ বৈষ্ণৱ ধৰ্মৰ ‘চাৰিপুথি’ৰ ভিতৰত কোন কেইখন গ্রন্থক সামৰা হয়?
উত্তৰ: শংকৰদেৱৰ ‘কীর্তন’ আৰু ‘দশম’ আৰু মাধৱদেৱৰ ‘নামঘোষা’ আৰু ‘ভক্তি-ৰত্নাৱলী’।

(২১) ভাগৱত পুৰাণত কিমানটা স্কন্ধ আছে?
উত্তৰ: ১২ টা।

(২২) ‘কুমৰ-হৰণ’ কাব্য কাৰ ৰচনা?
উত্তৰ: অনন্ত কন্দলীৰ।

(২৩) ‘বৃত্তাসুৰ বধ’, ‘শেষ দশম’, ‘মহীৰাৱণ বধ’ কাব্য কোনে ৰচনা কৰিছিল?
উত্তৰ: অনন্ত কন্দলীয়ে।

(২৪) অনন্ত কন্দলীৰ ‘বৃত্তাসুৰ বধ’ ভাগৱতৰ কোনটো স্কন্ধৰ ওপৰত আধাৰিত?
উত্তৰ: ষষ্ঠ।

(২৫) অনন্ত কন্দলীৰ একমাত্ৰ নাটখনৰ নাম কি?
উত্তৰ: ‘সীতাৰ পাতাল প্রৱেশ’।

(২৬) “বামুণীৰ পুতেক হৈ টোকৰ মাৰিলা, বেল শিৰত নোমল, ভক্তি-পৰ হ’ল ৰছ, যুদ্ধক কৈল দৃঢ়।” কথাষাৰ কোনে, কাক কৈছিল?

উত্তৰ: শংকৰদেৱে, অনন্ত কন্দলীক কৈছিল।
(২৭) ‘শ্রীচন্দ্র ভাৰতী’ নাম কোনজন অসমীয়া কবিক দিছিল?
উত্তৰ: অনন্ত কন্দলীক।

(২৮) ‘অসমীয়া ব্যাস’ কোন?
উত্তৰ: ৰাম সৰস্বতী।

(২৯) ৰাম সৰস্বতীৰ পিতৃদত্ত নাম কি?
উত্তৰ: অনিৰুদ্ধ।

(৩০) ৰাম সৰস্বতীৰ দীক্ষাগুৰুৰ নাম কি?
উত্তৰ: মুকুন্দদেৱ।

(৩১) ‘মহাভাৰতীয় কবি’ বুলি কাক আখ্যা দিয়া হয়?
উত্তৰ: ৰাম সৰস্বতীক।

(৩২) প্রাচীন অসমীয়া কবিসকলৰ ভিতৰত সকলোতকৈ সৰহ সংখ্যক পদ ৰচনা কৰা কবি গৰাকী কোন?
উত্তৰ: ৰাম সৰস্বতী।

(৩৩) ‘বধকাব্য’ৰ ৰচক কোন?
উত্তৰ: ৰাম সৰস্বতী।

(৩৪) ৰাম সৰস্বতী বিৰচিত দুখন বধকাব্যৰ নাম লিখা।
উত্তৰ: ‘কুলাচল-বধ’ আৰু ‘জটাসুৰ বধ’।

(৩৫) বধকাব্যক কোনে ইউৰোপীয় সাহিত্যৰ মধ্যযুগীয় ৰোমান্সৰ লগত তুলনা কৰিছে?
উত্তৰ: ড০ বাণীকান্ত কাকতিয়ে।

(৩৬) ৰাম সৰস্বতীয়ে কোন গৰাকী ৰজাৰ অনুপ্ৰেৰণাত মহাভাৰতৰ শ্লোক অসমীয়া পদলৈ অনুবাদ কৰিছিল?
উত্তৰ: নৰনাৰায়ণ।

(৩৭) ৰাম সৰস্বতীৰ জনপ্ৰিয় কাব্যখনৰ নাম কি?
উত্তৰ: ‘ভীমচৰিত’।

(৩৮) মহাভাৰতৰ এক লাখ শ্লোকৰ ভিতৰত ৰাম সৰস্বতীয়ে অকলে কিমান শ্লোক অসমীয়ালৈ অনুবাদ কৰিছিল? নাইবা, ৰাম সৰস্বতীয়ে বন পর্বত কিমানটা পদ ৰচনা কৰিছিল?
উত্তৰ: ৩০ হাজাৰ।

(৩৯) ‘বনমালীদেৱ চৰিত’ কাৰ ৰচনা?
উত্তৰ: ৰমাকান্তৰ।

(৪০) ‘গোবিন্দ চৰিত’ পুথিখনৰ লেখক কোন?
উত্তৰ: ভৱানন্দ দ্বিজ।

(৪১) ‘ঠাকুৰ চৰিত’ কাৰ ৰচনা?
উত্তৰ: বিদ্যানন্দ ওজাৰ।

(৪২) ‘কিতাবত মঞ্জৰী’ কাৰ ৰচনা?
উত্তৰ: বকুল কায়স্থৰ।

(৪৩) ‘লীলাৱতী’ কাৰ ৰচনা?
উত্তৰ: কবিৰত্ন দ্বিজৰ।

(৪৪) ‘দৰং ৰাজবংশাৱলী’ কাৰ ৰচনা?
উত্তৰ: সূর্যখড়ি দৈৱজ্ঞৰ।

(৪৫) আহোমৰ প্রথম ৰজা কোন আছিল?
উত্তৰ: চুকাফা।

(৪৬) ‘কিৰাত পর্ব’ কোনে ৰচনা কৰিছিল?
উত্তৰ: কংসাৰি কবিয়ে।

(৪৭) ‘কীর্তন’ৰ অন্তর্ভুক্ত হোৱা ‘সহস্ৰ নাম-বৃত্তান্ত’ৰ ৰচক কোন?
উত্তৰ: ৰত্নাকৰ কন্দলী।

(৪৮) ‘ব্রহ্মগীতা’ আৰু ‘গীতাকীর্তন’ৰ গ্রন্থকাৰ কোন?
উত্তৰ: ৰত্নাকৰ কন্দলী।

(৪৯) ‘কাণখোৱা’ আৰু ‘ঘুনুচা কীর্তন’ কোনে ৰচনা কৰিছিল?
উত্তৰ: শ্রীধৰ কন্দলীয়ে।

(৫০) ‘অঙ্কাৱলী’ কোনে ৰচনা কৰিছিল?
উত্তৰ: কালিৰাম মেধিয়ে।

(৫১) ‘অঙ্কীয়া নাট’ শীর্ষক গ্ৰন্থখনৰ লেখক কোন?
উত্তৰ: ড০ বিৰিঞ্চি কুমাৰ বৰুৱা।

(৫২) অসমীয়া গদ্য সাহিত্যৰ জন্মদাতা কোন?
উত্তৰ: ভট্টদেৱ।

(৫৩) ভট্টদেৱৰ প্রকৃত নাম কি?
উত্তৰ: বৈকুন্ঠনাথ ভট্টাচাৰ্য।

(৫৪) ভট্টদেৱৰ পিতৃৰ নাম কি?
উত্তৰ: চন্দ্ৰ ভাৰতী।

(৫৫) ভট্টদেৱৰ জন্ম ক’ত হৈছিল?
উত্তৰ: কামৰূপৰ বৰনগৰ অঞ্চলৰ ভেৰাগ্রামত।

(৫৬) ভট্টদেৱৰ জন্ম কেতিয়া হৈছিল?
উত্তৰ: খ্রীষ্টিয় ষোড়শ শতিকাৰ মাজভাগত, ১৫৫৮ খ্ৰীঃত।

(৫৭) ভট্টদেৱে কাৰ ওচৰত শৰণ লয়? নাইবা, ভট্টদেৱৰ গুৰু কোন? ভট্টদেৱ কাৰ শিষ্য?
উত্তৰ: দামোদৰদেৱ।

(৫৮) ভট্টদেৱক পণ্ডিত সমাজে কি কি উপাধিৰে বিভূষিত কৰিছিল?
উত্তৰ: কবিৰত্ন আৰু ভাগৱত ভট্টাচাৰ্য।

(৫৯) ভট্টদেৱৰ ভাগৱতখন গ্ৰহণ কৰি কোনে “অন্তিম কালত ভৱৰোগৰ মহৌষধ এই ভাগৱত শাস্ত্ৰই আমাৰ পৰম সুখাদ্য” বুলি কৈছিল?
উত্তৰ: দামোদৰদেৱে।

(৬০) ভট্টদেৱে স্থাপন কৰা সত্র দুখন কি কি?
উত্তৰ: পাটবাউসী আৰু ব্যাসকুছি সত্ৰ।

(৬১) ‘কথাগীতা’, ‘কথা-ভাগৱত’ আৰু ‘কথা-ৰত্নাৱলী’ কোনে ৰচনা কৰিছিল?
উত্তৰ: ভট্টদেৱে।

(৬২) ভট্টদেৱে গদ্যত ৰচনা কৰা উল্লেখযোগ্য পুথি কেইখন কি কি?
উত্তৰ: ‘কথাগীতা’, ‘কথা-ভাগৱত’ আৰু ‘কথা-ৰত্নাৱলী’।

(৬৩) “‘কথা-ভাগৱত’ৰ ভাষাতকৈ ‘কথাগীতা’ৰ ভাষা বেছি কোমল আৰু সৰল।” কথাষাৰ কোনে কৈছিল?
উত্তৰ: হেমচন্দ্ৰ গোস্বামীয়ে।

(৬৪) “‘কথাগীতা’ পঢ়িলে এনেহে লাগে যেন নামঘৰত ৰাইজ গোট খাইছে আৰু ভাগৱতীয়ে শাস্ত্ৰ পাঠ কৰি টীকাসহ ব্যাখ্যা কৰিছে; মাজে মাজে গভীৰ বিষয়ৰ প্রশ্ন তুলি নিজেই যেন তাৰ সমাধান কৰিছে।” উক্ত কথাষাৰৰ বক্তা কোন?
উত্তৰ: ড০ বিৰিঞ্চি কুমাৰ বৰুৱা।

(৬৫) ‘কথা-ভাগৱত’ৰ শব্দ চয়ন সংস্কৃত শব্দৰে ভাৰাক্ৰান্ত বুলি কোনে মত প্ৰকাশ কৰিছে?
উত্তৰ: ড০ বাণীকান্ত কাকতিয়ে।

(৬৬) ভট্টদেৱে ‘কথা-ভাগৱত’ কেতিয়া ৰচনা কৰিছিল?
উত্তৰ: ষোড়শ শতিকাৰ শেষ দশকত, ১৫৯৬ খ্ৰীষ্টাব্দমানত।

(৬৭) ‘শৰণমালিকা’, ‘গুৰুবংশাৱলী’, আৰু ‘প্ৰসংগমালা’ কোনে ৰচনা কৰিছিল?
উত্তৰ: ভট্টদেৱে।

(৬৮) ‘প্ৰসংগমালা’ পুথিখন কোনে সম্পাদনা কৰিছিল?
উত্তৰ: ৰামদেৱ গোস্বামীয়ে।

(৬৯) ভট্টদেৱে সংস্কৃত ভাষাত ৰচনা কৰা গ্ৰন্থ দুখন কি কি?
উত্তৰ: ‘ভক্তিসাৰ’ আৰু ‘ভক্তিবিবেক’।

(৭০) ‘ভক্তিবিবেক’ গ্রন্থখন কোনে সম্পাদনা কৰিছিল?
উত্তৰ: লক্ষ্মীনাৰায়ণ চট্টোপাধ্যায়।

(৭১) গোপালদেৱৰ আন এটা নাম কি?
উত্তৰ: গোপাল আতা।

(৭২) গোপাল আতাৰ জন্ম কেতিয়া হৈছিল?
উত্তৰ: ১৬৪০ খ্ৰীঃত।

(৭৩) গোপাল আতাৰ জন্ম ক’ত হৈছিল?
উত্তৰ: উজনিৰ গড়গাঁৱৰ ওচৰত।

(৭৪) গোপাল আতা কাৰ শিষ্য আছিল?
উত্তৰ: মাধৱদেৱৰ।

(৭৫) ‘কাল সংহতিৰ’ প্রৱর্তক কোন?
উত্তৰ: গোপাল আতা।

(৭৬) গোপাল আতাই বৈষ্ণৱ সমাজত কি ৰূপে খ্যাতি লাভ কৰিছিল?
উত্তৰ: ‘কথাৰ সাগৰ’।

(৭৬) গোপাল আতাই ৰচনা কৰা নাট কেইখনৰ নাম কি কি?
উত্তৰ: ‘উদ্ধৱযান’, ‘জন্মযাত্রা’ আৰু ‘নন্দোৎসৱ’।

(৭৭) ‘উদ্ধৱযান’ নাটৰ আন এটা নাম কি?
উত্তৰ: ‘গোপী-উদ্ধৱ সংবাদ’।

(৭৮) ‘জন্মযাত্রা’ নাটৰ মূল কি?
উত্তৰ: দশম স্কন্ধ ভাগৱত।

(৭৯) গোপাল মিশ্র কাৰ শিষ্য আছিল?
উত্তৰ: দামোদৰদেৱৰ।

(৮০) ‘খুদীয়া’ সত্ৰৰ প্ৰতিষ্ঠাতা কোন?
উত্তৰ: গোপাল মিশ্র।

(৮১) ‘ঘোষাৰত্ন’, ‘শঙ্খচুৰ-বধ’, আৰু ‘মহিষাসুৰ-বধ’ কোনে ৰচনা কৰিছিল?
উত্তৰ: গোপাল মিশ্রই।

(৮২) ‘ঘোষাৰত্ন’ কোন শ্ৰেণীৰ গ্ৰন্থ?
উত্তৰ: নামঘোষা শ্ৰেণীৰ।

(৮৩) গোপাল মিশ্রৰ পাণ্ডিত্য আৰু ভক্তিৰ পৰিচায়ক গ্ৰন্থখনৰ নাম কি?
উত্তৰ: ‘ঘোষাৰত্ন’।

(৮৪) ‘কথাসূত্র’ আৰু ‘গীতাসাৰ’ কোনে ৰচনা কৰিছিল?
উত্তৰ: ভাগৱত আচাৰ্যই।

(৮৫) ভাগৱত আচাৰ্য কাৰ শিষ্য আছিল?
উত্তৰ: হৰিদেৱৰ।

(৮৬) ভাগৱত আচার্যৰ পিতৃৰ নাম কি?
উত্তৰ: হৰিমিশ্র।

(৮৭) ভট্টদেৱৰ ‘ভক্তিবিবেক’ নামৰ সংস্কৃত গ্ৰন্থখন পদলৈ কোনে অনুবাদ কৰিছিল?
উত্তৰ: গোবিন্দ মিশ্রই।

(৮৮) ‘পদগীতা’ কোনে ৰচনা কৰিছিল?
উত্তৰ: গোবিন্দ মিশ্রই।

(৮৯) কোন গৰাকী ব্যক্তি একেধাৰে কোচ ৰজাৰ মন্ত্ৰী, সেনাপতি আৰু কবি আছিল?
উত্তৰ: কবীন্দ্র পাত্ৰ।

(৯০) গোপীনাথ পাঠক কাৰ পুতেক আছিল?
উত্তৰ: ৰাম সৰস্বতীৰ।

(৯১) গোপীনাথ পাঠকে মহাভাৰতৰ কি কি পর্ব ৰচনা কৰিছিল?
উত্তৰ: ‘দ্রোণ-পর্ব’, ‘সভা-পর্ব’ আৰু ‘স্বৰ্গৰোহণ-পর্ব’।

(৯২) মহাভাৰতৰ ‘শল্য-পর্ব’ কোনে ৰচনা কৰিছিল?
উত্তৰ: দামোদৰ দাসে।

(৯৩) ‘অম্বাৰ চৰিত্ৰ’ কাৰ ৰচনা?
উত্তৰ: বিদ্যা পঞ্চাননৰ।

(৯৪) ‘পুতুলা চৰিত্ৰ’ আৰু ‘বৃন্দাবন-চৰিত’ কোনে ৰচনা কৰিছিল?
উত্তৰ: ৰামমিশ্রই।

(৯৫) মহাভাৰতৰ ‘কিৰাত পৰ্ব’ কোনে ৰচনা কৰিছিল?
উত্তৰ: কবিশেখৰে।

(৯৬) ‘ৰাধা-চৰিত’ কাৰ ৰচনা?
উত্তৰ: কলাপচন্দ্র দ্বিজৰ।

(৯৭) ‘ৰামায়ণ চন্দ্রিকা’ৰ কবি কোন?
উত্তৰ: কলাপচন্দ্র দ্বিজ।

(৯৮) অনিৰুদ্ধ কায়স্থই কোনজন ৰজাৰ অনুপ্ৰেৰণাত ভাগৱতৰ পঞ্চম স্কন্ধ ভাঙনি কৰিছিল?
উত্তৰ: ৰঘুদেৱ।

(৯৯) মায়ামৰীয়া পন্থাৰ প্রবর্তক কোন?
উত্তৰ: অনিৰুদ্ধদেৱ।

(১০০) অনিৰুদ্ধদেৱ কাৰ শিষ্য আছিল?
উত্তৰ: ভৱানীপুৰীয়া গোপাল আতাৰ।

(১০১) অনিৰুদ্ধদেৱৰ পিতৃদত্ত নাম কি?
উত্তৰ: হৰকন্ঠ।

(১০২) ‘ধ্ৰুৱ চৰিত্ৰ’ আৰু ‘ভাগৱত ৰত্ন’ কোনে ৰচনা কৰিছিল?
উত্তৰ: বিষ্ণু ভাৰতীয়ে।

(১০৩) কোনজন কবিয়ে নিজকে ‘কবিৰত্নসুত’ বুলি পৰিচয় দিছে?
উত্তৰ: বিষ্ণু ভাৰতীয়ে।

(১০৪) ৰামচৰণ ঠাকুৰ কাৰ পুতেক?
উত্তৰ: হোকোৰাকুচীয়া ৰামদাস কায়স্থৰ।

(১০৫) মহাপুৰুষ শংকৰদেৱৰ সংস্কৃত ‘ভক্তি-ৰত্নাকৰ’ গ্ৰন্থখন কোনে অসমীয়াত পদানুবাদ কৰে?
উত্তৰ: ৰামচৰণ ঠাকুৰে।

(১০৬) ৰামচৰণ ঠাকুৰৰ চৰিত পুথিখনৰ নাম কি?
উত্তৰ: ‘শংকৰ চৰিত’।

(১০৭) দৈত্যাৰী ঠাকুৰ কাৰ পুতেক আছিল?
উত্তৰ: ৰামচৰণ ঠাকুৰৰ।

(১০৮) দৈত্যাৰী ঠাকুৰে ৰচনা কৰা চৰিত পুথিখনৰ নাম কি?
উত্তৰ: ‘শংকৰ-মাধৱ চৰিত’।

(১০৯) ‘স্যমন্ত-হৰণ’ আৰু ‘নৃসিংহ-যাত্ৰা’ নাট দুখনৰ লেখক কোন?
উত্তৰ: দৈত্যাৰী ঠাকুৰ।

(১০) ভূষণ দ্বিজে লিখা চৰিত পুথিখনৰ নাম কি?
উত্তৰ: ‘শঙ্কৰ চৰিত’।

(১১১) ‘গুৰু চৰিত’ কোনে ৰচনা কৰিছিল?
উত্তৰ: ৰামানন্দ দ্বিজে।

(১১২) ‘গুৰুলীলা’ চৰিতখন কাৰ ৰচনা?
উত্তৰ: ৰামৰায়ৰ।

(১১৩) ৰমানন্দই ৰচনা কৰা চৰিত পুথিখনৰ নাম কি?
উত্তৰ: ‘বংশী গোপালদেৱ চৰিত’।

2 thoughts on “Assam GK (সাধাৰণ জ্ঞান)In Assamese Language-11”

Leave a Comment

error: Content is protected !! ExamAssam